তেজপুৰ, ৩১ মে' : আজি বিশ্ব ধঁপাত বিৰোধী দিৱস (World Anti-Tobacco Day) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব্ ফাৰ্মাচিউটিকেল চায়েন্স আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ সহযোগত মঙলবাৰে ধঁপাত বিৰোধী দিৱস পালন কৰে (World Anti-Tobacco Day celebrated in Tezpur)। এই বৰ্ষৰ বিশ্ব ধঁপাত দিৱস ২০২২ ৰ মূল লক্ষ্য হৈছে পৰিৱেশ ৰক্ষা কৰা ।
শিক্ষা প্ৰতিষ্ঠানখনৰ চেমিনাৰ হল-২ ত আয়োজন কৰা অনুষ্ঠানটিত দুয়োখন স্বাস্থ্য শিক্ষা প্ৰতিষ্ঠানৰে অধ্যাপক, গৱেষক, কৰ্মচাৰী তথা শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানটিৰ আঁত ধৰে শিক্ষা প্ৰতিষ্ঠানখনৰ আহ্বায়ক তথা সহ:অধ্যাপক উদ্ধৱ পটংগীয়াই ।
অনুষ্ঠানটিত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি তেজপুৰ ছায়েন্স একাডেমীৰ অধ্যক্ষা সুৰঞ্জনা শৰ্মাই কয় বৰ্তমান বিশেষকৈ যুৱচামৰ মাজত পৰিলক্ষিত হোৱা ধঁপাত জাতীয় সামগ্ৰী সেৱনৰ প্ৰৱণতা বৃদ্ধি হৈছে ৷ ধঁপাত তথা অন্য নিচাজাতীয় সামগ্ৰীয়ে শাৰিৰীক ক্ষয়-ক্ষতিৰ বাহিৰেও মানসিকভাৱে এজন লোকক অত্যাধিক পৰিমাণে ক্ষতিগ্ৰস্ত কৰে। নাৰ্ছিং বিভাগৰ প্ৰশিক্ষক বৰষা শেনচোৱাই শিক্ষাৰ্থীসমূহক নিচাজাতীয় সামগ্ৰী সেৱনৰ পৰা বিৰত ৰাখিবলৈ কলেজসমূহত মানসিক স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠানৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত বিতংভাৱে বৰ্ণনা কৰে ।
লগতে পঢ়ক : সদাগৰ সাউদ ভোলানাথ বৰুৱাৰ পৱিত্ৰ স্মৃতিত বাণিজ্য দিৱস উদযাপন