ETV Bharat / city

উড়ান 4.0 : 24 টা বিমানবন্দৰত এতিয়াও বিমানৰ চলাচল হ'বলৈ বাকী

author img

By

Published : Jul 1, 2020, 7:35 PM IST

কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা UDAAN আঁচনিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ 24 টা বিমানবন্দৰ সাঙুৰি লোৱা হৈছিল ৷ এইকেইটা বিমানবন্দৰৰ আধুনিকীকৰণৰ লগতে অত্যাধুনিক বিমানৰ চলাচল কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে যদিও বহুকেইটা বিমানবন্দৰত এতিয়াও এই কাম আৰম্ভ হোৱা নাই ৷

24 টা বিমানবন্দৰত এতিয়াও বিমানৰ চলাচল হ'বলৈ বাকী
বহু সামৰিক গুৰুত্বপূৰ্ণ তেজপুৰ বিমানবন্দৰ

তেজপুৰ, 1 জুলাই : কেন্দ্ৰীয় চৰকাৰৰ উড়ান UDAN 4.0ৰ আঁচনিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ 24 টা বিমানবন্দৰ আধুনিকীকৰণ আৰু অত্যাধুনিক বিমান সংলগ্ন কৰাৰ প্ৰচেষ্টা অব্যাহত আছে যদিও বহুকেইটা বিমান বন্দৰত বিমানৰ সংযোগ হ'বলৈ এতিয়াও বাকী আছে ৷ ইয়াৰ ভিতৰত অন্যতম হৈছে বহু সামৰিক গুৰুত্বপূৰ্ণ তেজপুৰ বিমানবন্দৰটো ৷

1942 চনত দ্বিতীয় বিশ্ব যুদ্ধৰ সময়তে তেজপুৰ বায়ুসেনা ঘটি স্থাপন কৰা হয় আৰু তাৰ বহু বছৰৰ পিছত অৰ্থাৎ 1992 চনত তেজপুৰ বিমানবন্দৰত অসামৰিক বিমানৰ টাৰ্মিনেলৰ কাম আৰম্ভ হয় ৷ 2001 ত নতুন টাৰ্মিনেলৰ কাম ব্যক্তিগতভাৱে সম্পন্ন হয় । কিন্ত অত্যাধিক ব্যৱসায়িক সুবিধা থকাৰ পিছতো তেজপুৰ বিমানবন্দৰত ইণ্ডিয়ান এয়াৰ লাইনছৰ এখন এটিআৰ বিমানহে চলাচল হৈ আছে । তেজপুৰ বিমানবন্দৰত অসমৰ মুঠ 6খন জিলাক সামৰি বহুতো যাত্ৰীৰ সমাগম হয় যদিও যাত্ৰীয়ে বিচৰাধৰণে দৈনন্দিনভিত্তিক কোনো বিমানৰ সংযোগ কৰা নাই ভাৰত চৰকাৰে ।

দৈনিক বিমানৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্ৰত তেজপুৰ বিমানবন্দৰৰ প্ৰাধিকাৰী আৰ এন সিঙৰ পৰা জানিব পৰা মতে, ইতিমধ্যে এখন ব্যক্তিগত খণ্ডৰ বিমান অতি সোনকালে সংযুক্ত হোৱাৰ কথা চলি আছে যদিও কোভিড-19 মহামাৰীৰ বাবে সেইয়া অক্টোৱৰ মাহৰ লৈকে স্থগিত হৈ পৰিছে । অক্টোৱৰ মাহৰ পৰা নতুন বিমান কলকতাৰ পৰা পোনপটীয়াকৈ চলাৰ সম্ভাৱনা আছে । ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই এই সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে ।

তেজপুৰ বিমানবন্দৰ অৰুণাচল প্ৰদেশৰ বাবেও অতিকৈ প্ৰয়োজনীয় ৷ এইটো বিমানবন্দৰ বিশেষকৈ টাৱাং, বমডিলা, ডিৰাং লগতে তেজপুৰ সেনা বাহিনী আৰু বহুকেইটা সুৰক্ষা বাহিনীৰ মুখ্য কাৰ্যালয় হোৱাৰ বাবে গুৰুত্ব যথেষ্ট পৰিমাণে আছে । লগতে একমাত্ৰ তেজপুৰ চহৰৰ কাষতে 4টা বৃহৎ উদ্যোগ আৰু পশ্চিম অৰুণাচল প্ৰদেশৰ নিপকোৰ কাৰ্যালয়ৰ যোগাযোগ বৰ্তমান গুৱাহাটীৰ বিমানবন্দৰৰ পৰা চলি আছে ।

উড়ান 4.0ৰ আঁচনিত উত্তৰ-পূৰ্বাঞ্চলৰ বিমানবন্দৰৰ মুঠ 24 টা বিমানবন্দৰ সাঙুৰি লোৱা হৈছে ৷ তাৰ ভিতৰত সেৱাত নথকা শাখাত অৰুণাচল প্ৰদেশৰ 9টা, অসমৰ 9টা, মেঘালয়ৰ 3টা আৰু ত্ৰিপুৰাৰ 3টা বিমান বন্দৰ আছে । আনহাতে সেৱাত থকা শাখা আৰু বেছি প্ৰয়োজনীয়তা শাখাত অৰুণাচল প্ৰদেশৰ পাছিঘাট আৰু তেজুত থকা 2টা, অসমৰ যোৰহাট, তেজপুৰ আৰু ৰূপসীত থকা 3টা, মেঘালয়ৰ উমৰৈ বিমান বন্দৰত বিমানৰ চলাচল বৃদ্ধি কৰাৰ প্ৰয়োজন আছে ।

উড়ান আঁচনি আৰু তেজপুৰ বিমানবন্দৰ

উল্লেখযোগ্য যে, অৰুণাচল প্ৰদেশৰ হলঙিত নতুন বিমান বন্দৰৰ কাম পূৰ্ণ গতিত আৰম্ভ হৈ আছে তেনেস্থলত তেজপুৰ বিমান বন্দৰত ইণ্ডিয়ান এয়াৰ লাইনছ বিমানৰ পৰিবৰ্তে নতুন ব্যক্তিগত বিমান সংযোগ নকৰাটোয়ে এক তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়কঃ কোভিড-19 সজাগতা : বিমানসেৱা প্ৰাধিকাৰী আৰ এন সিঙৰ সৈতে বিশেষ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.