তেজপুৰ, 10 এপ্ৰিল : তেজপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু বেবেজিয়া আৰক্ষী চকীৰ বিষয়াক তাৎক্ষণিকভাৱে নিলম্বন কৰিছে আৰক্ষী সঞ্চালকৰ কাৰ্যালয়ে । বিগত 7 এপ্ৰিলত তেজপুৰ ডেকাৰগাঁওস্থিত মহিন্দ্ৰা ডিলাৰৰ গুদামৰ পৰা সাতখনকৈ নতুন বলেৰ’ পিক আপ ভান লৈ উধাও হোৱা ঘটনাৰ বাবে বিষয়া দুজনক নিলম্বন কৰা বুলি জানিব পৰা গৈছে । নিলম্বিত বিষয়া দুজন ক্ৰমে তেজপুৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিণ্টু বড়ো আৰু বেবেজিয়া আৰক্ষী চকীৰ বিষয়া দিগন্ত শইকীয়া ৷
উল্লেখ্য যে, 7 এপ্ৰিলৰ নিশা মহেন্দ্ৰ ডিলাৰৰ গুদামত নিশাৰ ভাগত নিৰাপত্তাৰ দায়িত্বত থকা দুজন চিকিউৰিটি গাৰ্ডক হাত ভৰি বান্ধি 12 জনীয়া ডকাইতৰ এটা দলে এই ডকাইতি কাণ্ড সংঘটিত কৰিছিল ৷ ডকাইতৰ দলটোৱে ডিলাৰত থকা মুঠ 109 খন গাড়ীৰ ভিতৰত 7 খন গাড়ী লৈ উধাও হয়(Bolero Pickup Van) । অৱশ্যে ইয়াৰে এখন বলেৰ’ পিছদিনা তেজপুৰ-কলিয়াবৰ সংযোগী পথৰ চুলুঙৰ 37(A) নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ কৰা হয় ।
এই ডকাইতি কাণ্ডৰ ফলত ডিলাৰটোৰ প্ৰায় 75 লাখ টকাৰ ক্ষতি হয় বুলি জানিব পৰা হৈছে ৷ তাৎপৰ্যপূৰ্ণ যে, চাৰিওফালে ওখ দেৱালৰ মাজত মূল প্ৰৱেশদ্বাৰ থকা এই ডিলাৰৰ ভিতৰত নিশা 12 জনীয়া দলটো কেনেকৈ প্ৰৱেশ কৰিবলৈ সক্ষম হ’ল সেয়া ৰহস্যৰ আৱৰ্তত ৷ তদুপৰি সমগ্ৰ ডিলাৰটোত নাছিল এটাও চিচিটিভি কেমেৰাৰ সংযোগ ৷ তেজপুৰৰ কেইবাটাও আৰক্ষীৰ তালাচী চকী পাৰ হৈ কলিয়াবৰত গাড়ীসমূহ উদ্ধাৰ হোৱাটো চাঞ্চল্যকৰ হিচাপে পৰিচিত হৈছে ৷
লগতে পঢ়ক : নিৰাপত্তাৰক্ষীক হাত-ভৰি বান্ধি ডিলাৰৰ পৰা ডকাইতে নিলে 7 খন বলেৰ’ পিক আপ ভান