ETV Bharat / city

Landslide in Tezpur Gereki: ধ্বংসস্তুপত তিনিটাকৈ গৃহ - তেজপুৰ ঐতিহাসিক হনুমান মন্দিৰলৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে

তেজপুৰ গেৰেকীত ভূমিস্খলন(Landslide in Tezpur Gereki) ৷ ভূমিস্খলনে খহাই লৈ যায় তিনিটাকৈ পকীগৃহৰ লগতে প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ ঘৰো ৷

Landslide in Tezpur Gereki
ধ্বংসস্তুপত তিনিটাকৈ গৃহ
author img

By

Published : Jul 25, 2022, 10:16 PM IST

তেজপুৰ, ২৫ জুলাই : তেজপুৰত সোমবাৰে পুৱা হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত গেৰেকীচুকত ভয়াৱহ ভূমিস্খলন হয় ৷ ভূমিস্খলনে খহাই লৈ যায় তিনিটাকৈ পকীগৃহৰ লগতে প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ ঘৰো (Landslide in Tezpur) ৷ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলত জীৱন সিং, ৰঞ্জন সিং আৰু তেওঁৰ ভাতৃৰ গৃহ দিনৰ ভাগতেই খহাই নিয়ে(Landslide in Assam) ৷

উল্লেখ্য যে, খহনীয়াই এতিয়া ব্যাপক ৰূপ ধাৰণ কৰিছে তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত । তেজপুৰ ঐতিহাসিক হনুমান মন্দিৰলৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে । উল্লেখ্য যে, জুন মাহত তেজপুৰ কলিবাৰীৰ হনুমান মন্দিৰৰ কাষত ভয়ংকৰ গৰাখহনীয়া হৈছিল । ব্ৰহ্মপুত্ৰ নদীৰ পানীয়ে চপৰা চপৰে খহাই নিয়ে মন্দিৰ গৃহৰ মাটি ।

Landslide in Tezpur Gereki
ধ্বংসস্তুপত তিনিটাকৈ গৃহ

একেদৰে মে' মাহত প্ৰথমতো বানে সংহাৰী ৰূপ লয় ৷ ব্ৰহ্মপুত্ৰ বাঢ়নী পানীৰ খহনীয়াই উত্তৰ পাৰে তেজপুৰ চহৰৰ কেইবাটাও স্থানত বিগত ৫ বছৰত সংহাৰ চলাই আহিছে যদিও কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ । হনুমান মন্দিৰৰ মূল গৃহৰ বেৰৰ কাষত বৰ্তমান বাঁহ বান্ধি থোৱা আছে । প্ৰায় ১৫০ বছৰ পুৰণি এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰা হৈছিল প্ৰায় ৬০ বছৰ আগতে । এই মন্দিৰত পূজা অৰ্চনা কৰিবলৈ বহু দূৰ-দূৰণিৰ পৰা বহু ভক্তৰ আগমন ঘটে ।

ধ্বংসস্তুপত তিনিটাকৈ গৃহ

মন্দিৰৰ পুৰোহিত হনুমান ত্যাগী বাবাই কয় যে, মন্দিৰৰ ঘৰটোৱে এতিয়া তেজপুৰ চহৰৰ ৰক্ষা কৰি আছে ৷ যদি এই মন্দিৰৰ বেৰ খহি পানী সোমাই তেন্তে এদিনৰ ভিতৰতে তেজপুৰ ৰাবাৰ বাগান আৰু মৰা ভৰলীৰ সংযোগ ঘটিব । যদি সময় থাকোতেই প্ৰশাসনে এই বান্ধৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে বাৰিষাৰ প্ৰৱল সোঁতত এই মন্দিৰ গৃহ খহি যোৱাটো নিশ্চিত ।

লগতে পঢ়ক : Flood relief scam at Senga: বান সাহায্যৰ বিতৰণত দালালৰ দপদপনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.