তেজপুৰ, ২ জুন: ৰাজ্যখনৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ অংশ হিচাপে শোণিতপুৰ জিলাতো পালন কৰা হয় (Third phase of Gunotsav in Tezpur)। গুণোৎসৱত জিলাৰ উপায়ুক্তক দেখা পোৱা গ’ল এগৰাকী শিক্ষকৰ ৰূপত । শোণিতপুৰ জিলাত মুঠ ১১৬৮ খন বিদ্যালয়ৰ ১,৪৩,১০৮ গৰাকী শিক্ষাৰ্থীয়ে বাহ্যিক মূল্যায়নেৰে অৱতীৰ্ণ হৈছে গুণোৎসৱত । জিলাখনত অহা ৪ জুনলৈকে চলিব লগা গুণোৎসৱৰ এই বাহ্যিক মূল্যায়নৰ দিনটো তেজপুৰৰ হিন্দী মাধ্যমৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ত পালন কৰে ।
তেজপুৰ চহৰৰ ঐতিহাসিক কাৰ মেম’ৰিয়েল এল পি স্কুলত গুণোৎসৱৰ মূল্যাংকনৰ বাবে উপস্থিত থাকে জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ ।
উপায়ুক্ত মিশ্ৰই বিদ্যালয়খনত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰী সকলৰ লগত পুৱাৰ প্ৰাৰ্থনা সভাত ভাগ লয় আৰু শ্ৰেণী কোঠাত ছাত্ৰ-ছাত্ৰীক পাঠ দান কৰোৱাই (Third phase of Gunotsav)৷
আনহাতে ৰাষ্ট্ৰ ভাষা বিদ্যালয়ত বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি সুৰেশ চিৰোহিয়াই পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন কৰাৰ পিছত পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপসভাপতি, বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰাৰ লগতে বহী মূল্যায়ক হিচাপে উপস্থিত থকা তেজপুৰ শিক্ষক শিকন মহাবিদ্যালয়ৰ অধ্যাপিকা মনময়ূৰী গোস্বামী আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কলিয়াবৰ সংমণ্ডলৰ সহকাৰী অভিযন্তা নৱজ্যোতি নাথে সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত ধূপ প্ৰজ্বলন কৰে ।
লগতে পঢ়ক : গড়মূৰ থানাত জোনমণি ৰাভা, নগাঁও আদালতত ৰাণা পগাগ