ETV Bharat / city

সাহায্য উভতাই নিদিলে জেল'লৈ প্ৰেৰণ কৰাৰ ভাবুকি পঞ্চায়ত প্ৰতিনিধিৰ

দৰিদ্ৰ পৰিয়ালক চৰকাৰে প্ৰদান কৰা অৰ্থ-সাহায্য উভতাই আনিলে পঞ্চায়ত প্ৰতিনিধিয়ে ৷ টকা উভতাই নিদিলে জেল'লৈ যাব লাগিব বুলিও ভাবুকি দিয়ে পৰিয়ালটিক ৷ প্ৰতিনিধিৰ কাণ্ডই হতচকিত কৰিছে অঞ্চলবাসীক ৷

Tezpur ushapur panchyat corruption
ভুক্তভোগী মহিলা ৰাধা সাহানি
author img

By

Published : May 2, 2020, 3:14 PM IST

তেজপুৰ, 2 মে' : লক-ডাউনৰ মাজতেই তেজপুৰৰ উষাপুৰত অদ্ভুত ঘটনা ৷ ৰেচন কাৰ্ড নথকাৰ বাবে ৰাধা সাহানিৰ পৰিয়ালে চৰকাৰৰ পৰা লাভ কৰিছিল এক হাজাৰ টকাৰ অৰ্থ সাহায্য ৷

কিন্তু সাহাৰ্য্য প্ৰদানৰ 20 দিন পিছত পঞ্চায়তৰ সদস্যই অৰ্থ সাহায্যখিনি উভতাই লৈ যোৱা ঘটনাই চিন্তিত কৰিছে অঞ্চলবাসী ৷ জানিব পৰা মতে, উষাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কলিবাৰীৰ নিবাসী ৰাধা সাহানিৰ পৰিয়ালে 11 এপ্ৰিল তাৰিখে লাভ কৰিছিল 1 হাজাৰ টকা ৷ উক্ত টকাৰে দৰিদ্ৰ পৰিয়ালটিয়ে যাৱতীয় কিছু সা-সামগ্ৰী কিনি সকাহ পাইছিল যদিও 1 মে'ৰ দিনা পঞ্চায়তটোৰ সদস্যা ৰীমা হাজৰিকাই উক্ত টকা ঘুৰাই বিচাৰে ৷ আনকি টকা ঘুৰাই নিদিলে জেল'লৈ যাব লাগিব বুলিও ভাবুকি দিয়ে পৰিয়ালটিক ৷

ভুক্তভোগী মহিলা ৰাধা সাহানি

উপায়বিহীন হৈ পৰিয়ালটিৰ গৃহণী ৰীমা হাজৰিকাই চুবুৰীয়াৰ পৰা টকা ধাৰ কৰি সদস্যা গৰাকীক উভতাই দিয়ে ৷ দৰিদ্ৰ পৰিয়ালটিৰ পৰা এনেদৰে সাহায্য উভতাই নিয়া কাৰ্যই চিন্তিত কৰি তুলিছে অঞ্চলবাসীক ৷ আনহাতে সদস্যা গৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ প্ৰশাসনক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

উল্লেখযোগ্য যে তিনি সন্তানৰ মাতৃ ৰাধা সাহানিৰ স্বামী কৰ্ম সূত্ৰে বঙ্গালুৰুৰ এটা ব্যক্তিগত প্ৰতিষ্ঠাত কৰ্মৰত ৷

লগতে পঢ়ক : কৰ'ণা মুক্ত হ'ল গোলাঘাট জিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.