তেজপুৰ, ২০ নৱেম্বৰ : ভাৰত চৰকাৰৰ আৱাসিক আৰু নগৰ পৰিক্ৰমা মন্ত্ৰণালয়(ministry of housing and urban affairs)ৰ স্বচ্ছ ভাৰত অভিযান(swachh bharat abhiyan) (নগৰাঞ্চল)ৰ অধীনত সম্পন্ন কৰা স্বচ্ছ সৰ্বেক্ষণ ২০২১(swachh survekshan 2021)ত উত্তৰ পূৱৰ মণ্ডলত তেজপুৰ চহৰে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷

ডিজিটেল মাধ্যমৰ জৰিয়তে সম্পন্ন হোৱা সৰ্বভাৰতীয় সমীক্ষাত বিভিন্ন পূৰ্ব নিৰ্ধাৰিত শ্ৰেণীৰ সহায়ত শ্ৰেষ্ঠ স্বচ্ছ নগৰৰ বাবে মূল্যায়ন কৰা হয় ৷ এই সমীক্ষাত ৫০ হাজাৰৰ পৰা ১ লাখ জনবসতিপূৰ্ণ নগৰৰ শাখাত উত্তৰ পূৱৰ ভিতৰতে তেজপুৰে শ্ৰেষ্ঠ স্বচ্ছ নগৰৰ স্থান লাভ কৰে ৷

নতুন দিল্লীৰ বিজ্ঞান ভৱনত শনিবাৰে অনুষ্ঠিত বঁটা বিতৰণৰ অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হয় ৷ তেজপুৰ পৌৰসভাৰ বিষয়ববীয়াসকলে এই বঁটা গ্ৰহণ কৰে ।
লগতে পঢ়ক : স্বচ্ছ গাঁৱৰ খিতাপ লাভ কৰা অসমৰ এখন বিশেষ গাঁও