তেজপুৰ, ১৬ মে' : তেজপুৰত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত নিজৰ স্বাস্থ্য পৰীক্ষা কৰি আজি এখন সভা অনুষ্ঠিত কৰে তেজপুৰ লোক সভা সমষ্টিৰ সাংসদ পল্লব লোচন দাসে । সাংসদগৰাকীয়ে বিজেপিৰ দলীয় কৰ্মীসকলক গাঁও আৰু তেনেকুৱা অঞ্চলত গৈ সামাজিক দুৰত্ব বৰ্তাই ৰাখি সজাগতাৰ সৃষ্টি কৰিবলৈ কয় ৷ প্ৰথমে নিজৰ স্বাস্থ্য পৰীক্ষা কৰি আজি এইদৰে দলীয় কৰ্মীৰ সৈতে আলোচনাত মিলিত হয় দাস ৷
বহিঃৰাজ্যৰ পৰা আহিবলগীয়া শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ চাহবাগিছাৰ লোকসকলৰ বাবে বিশেষ গুৰুত্ব দিবলৈ তেওঁ কৰ্মীসকলক কয় ৷ ইতিমধ্যে, শোণিতপুৰ জিলাৰ প্ৰায় 500ৰো অধিক লোক বহিঃৰাজ্যৰ পৰা আহি কোৱাৰেন্টাইনত আছে ৷ এইসকল লোকৰ ইতিমধ্যে স্বাস্থ্য পৰীক্ষা কৰা হৈছে আৰু প্ৰায়সংখ্যকৰে নিগেটিভ ফলাফল পোৱা গৈছে ৷