ETV Bharat / city

১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ সাক্ষী অৰুণাচল প্ৰদেশৰ টাৱাং বৌদ্ধ মঠ - ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ সাক্ষী টাৱাং বৌদ্ধ মঠ

১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ সাক্ষী অৰুণাচল প্ৰদেশৰ টাৱাং বৌদ্ধ মঠ । বৌদ্ধ ধৰ্মাৱলম্বীৰ দীক্ষা আৰু শিক্ষাৰ আশ্ৰম হিমালয়ৰ পাদদেশত অৱস্থিত এছিয়াৰ ভিতৰতে বৃহত্তম এই মঠ ৷ সোণেৰে অলংকৃত এই বৌদ্ধ মঠ ১৬৮০-৮১ চনত আৱিষ্কাৰ কৰিছিল পঞ্চম দালাই লামাই ।

১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ সাক্ষী বৌদ্ধ মঠ
অৰুণাচল প্ৰদেশৰ টাৱাং বৌদ্ধ মঠ
author img

By

Published : Sep 19, 2020, 7:54 PM IST

তেজপুৰ, 19 ছেপ্তেম্বৰ : স্মৃতিয়ে জোকাৰি যোৱা ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ সাক্ষী অৰুণাচল প্ৰদেশৰ টাৱাং বৌদ্ধ মঠ । বৌদ্ধ ধৰ্মাৱলম্বীৰ দীক্ষা আৰু শিক্ষাৰ আশ্ৰম হিমালয়ৰ পাদদেশত অৱস্থিত এছিয়াৰ ভিতৰতে বৃহত্তম এই মঠ ৷ সোণেৰে অলংকৃত এই বৌদ্ধ মঠ ১৬৮০-৮১ চনত আৱিষ্কাৰ কৰিছিল পঞ্চম দালাই লামাই ।

অৰুণাচল প্ৰদেশৰ টাৱাং বৌদ্ধ মঠ

লোক বিশ্বাস মতে, সেই সময়ৰ ৰজা ক্লাৱাংপয়ে সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৩,২০০ মি. উচ্চতাত স্থাপন কৰিছিল এই মঠ ৷ এই মঠৰ ভিতৰচৰাত আছে কেইবাটাও স্তৰ আৰু তৃতীয় মহলাত উপস্থিত হোৱাৰ পাচতহে প্ৰত্যক্ষ কৰিব পাৰি সম্পূৰ্ণ মূৰ্তি । তথ্য অনুসৰি, ১৯৬২ চনত চীনে টাৱাং অতিক্ৰম কৰি কামেং সীমান্তত প্ৰৱেশ কৰাৰ সময়ত এই সোণৰ অলংকৃত বুদ্ধৰ মূৰ্ত্তিৰ ওপৰত শেন চকু পৰিছিল । ২০০৯ চনত এই টাৱাং মঠ নতুনকৈ নিৰ্মান কৰা হৈছিল । প্ৰায় ১০,০০০ জনবসতিৰ টাৱাং চহৰ চীন সীমান্তৰ পৰা মাত্ৰ ২৫ মাইল নিলগত অৱস্থিত । সীমান্তৰ উচ্চ শিখৰত প্ৰায় ১,৮০,০০,০০০ ৰো অধিক ভাৰতীয় সৈন্যই অৱস্থান কৰি আছে আৰু এক সামৰিক বাহিনীৰ ঘাটি নিৰ্মান কৰি বৰ্তমান নতুনকৈ সেনা বাহিনী নিয়োজিত কৰিছে জানিব পৰা গৈছে ।

১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ সাক্ষী বৌদ্ধ মঠ
অৰুণাচল প্ৰদেশৰ টাৱাং বৌদ্ধ মঠ

টাৱাং মনপা জনগোষ্ঠীৰ এই লোকসকলৰ ধর্মীয় মঠ দেশ-বিদেশৰ লোকে ব্যৱহাৰ কৰে উপাসনাস্থলী হিচাপে ৷ কিন্তু বিগত মাৰ্চ মাহৰ লক ডাউনৰ ফলত বিস্তৰভাৱে ক্ষতিগ্ৰস্ত হৈছে এই পৰ্যটন ক্ষেত্ৰখন ৷

১৯৬২ চনৰ ২০ অক্টোবৰত টাৱাং চহৰ চীনা সৈন্যই দখল কৰি সম্পূৰ্ণ এক মাহৰ বাবে নিজৰ অধীনত ৰাখিছিল ৷ পৰৱৰ্তী সময়ত ১৯৬২ চনৰ ২০ নৱেম্বৰত যুদ্ধ সমাপ্ত ঘোষণা হোৱাৰ পিছত চীনা সৈন্যই ভাৰতৰ এই স্থান ত্যাগ কৰিছিল । চতুৰ্থ দালাই লামাই চীনৰ তিব্বত আক্ৰমণৰ সময়ত ১৯৫৯ চনৰ ৩০ মাৰ্চত ভাৰতত প্ৰৱেশ কৰি টাৱাঙৰ এই মঠত আশ্ৰয় লৈছিল আৰু পৰৱৰ্তী সময়ত ১৯৫৯ চনৰ ১৮ এপ্ৰিলত তেজপুৰলৈ আহিছিল ।

কিন্তু সম্পূৰ্ণ ৫৫ বছৰ পিছতো পুনৰ চীনা সৈন্যই ভাৰতৰ এই প্ৰান্তৰ ওপৰত আধিপত্য বিস্তাৰৰ চেষ্টা কৰাৰ বাবে সীমান্তত শংকিত হৈ পৰিছে সাধাৰণ লোক ।

লগতে পঢ়ক : আইপিএল 2020 : চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে 'ফেভাৰেট' মুম্বাই ইণ্ডিয়ানছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.