ETV Bharat / city

এইবাৰ কেবৰ বিৰুদ্ধে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ "ৰণদুন্দুভি" - কেবৰ বিৰুদ্ধে তেজপুৰ বিশ্ববিদ্যালয়

কলাগুৰুৰ জন্মস্থানত জাতিধংসী বিধেয়কৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ দুই সহস্ৰাধিক শিক্ষাৰ্থী ৷ বিশ্ববিদ্যালয়ৰ বাকৰি পৰাই গেৰুৱা দলক সকীয়নি, "হিন্দু হওক বা মুছলমান কোনো কাৰণত অসমীয়াই নলয় বাংলাদেশীৰ বোজা" ৷

এইবাৰ কেবৰ বিৰুদ্ধে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ "ৰণদুন্দুভি"

author img

By

Published : Dec 8, 2019, 12:50 AM IST

Updated : Dec 8, 2019, 2:02 AM IST

তেজপুৰ, 7 ডিচেম্বৰ: এইবাৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে থিয় দিলে ঐতিহাসিক অসম আন্দোলনৰ 855 জন ছহিদৰ কেঁচা তেজৰ বিনিময়ত জন্মলাভ কৰা দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ শনিবাৰে জাতি আৰু ধৰ্ম ভিত্তিত বিভাজন কৰি সমগ্ৰ অসমীয়া জাতিক ধ্বংস কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনৰ প্ৰায় দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে উত্তাল কৰি তোলে বিশ্ববিদ্যালয়ৰ আকাশ-বতাহ ৷ বিশ্ববিদ্যালয় প্ৰশাসনৰ বাধাকো নেওচি এক বৃহৎ প্ৰতিবাদী মিচিল বাহিৰ কৰি কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ ফেচীবাদী কায়দাৰে অসমীয়াৰ ওপৰত জাপি দিব খোজা অসাংবিধানিক কেবক একে মুখে ধিক্কাৰ দিলে বিশ্ববিদ্যালয়খনৰ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে ৷ সম্পূৰ্ণ ব্যতিক্ৰমী কায়দাৰে আয়োজন কৰা এই প্ৰতিবাদত ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদী গীত গাই, কবিতা পাঠ কৰি এই জাতিধ্বংসী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰে ৷ এই সন্দৰ্ভত চাও আহক আমাৰ এক বিশেষ প্ৰতিবেদন ৷

এইবাৰ কেবৰ বিৰুদ্ধে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ "ৰণদুন্দুভি"

আৰু পঢ়ক: জাতি ৰক্ষাৰ স্বাৰ্থত দল সংগঠনৰ ৰণহুংকাৰ

Intro:তেজপুৰ,৭ ডিচেম্বৰ :তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংসদৰ নেতৃত্বত শনিবাৰে সন্ধিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ ৰ তীব্ৰ বিৰোধিতা কৰি "ৰনদুন্দুভি "জুৰ সমদল কৰে প্ৰায় ২ সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে ৷

Body:ছাত্ৰ সংসদৰ সভাপতি জ্যোতিষ পাল ডেকাৰ নেতৃত্বত বৃহৎ প্ৰতিবাদী সমদল কৰি সমগ্ৰ নপাম অঞ্চলৰ আকাশ বতাহ কঁপাই তোলে ৷
Conclusion:এই বিধেয়কে জাতি আৰু ধৰ্ম ভিত্তিক বিভাজন কৰি সমগ্ৰ অসমীয়া জাতিক বিভাজন কৰিব বিচৰা এই পদক্ষেপক মষিমুৰ কৰিব লাগিব বুলি মন্তব্য কৰে ৷

Pranab kumar Das.
Tezpur.
7/12/19
Last Updated : Dec 8, 2019, 2:02 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.