ETV Bharat / city

তেজপুৰত গোমচেং ২০১৯ সফলতাৰে আয়োজন - গোমচেং ২০১৯

তেজপুৰস্থিত শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন'লজী চমুকৈ জি আই এম টি, তেজপুৰত 'Ethnic Day' কাৰ্যসূচী হিচাপে 'গোমচেং ২০১৯' অনুষ্ঠানৰ আয়োজন কৰা হয়। অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানখনত প্ৰতিবছৰে ব'হাগ মাহৰ প্ৰথম পষেকত পৰম্পৰাগত সাজ পোছাক পৰিধানৰ দিৱস হিচাপে এটা দিন নিৰ্ধাৰণ কৰি বিশেষভাৱে উদযাপন কৰি অহা হৈছে।

তেজপুৰত গোমচেং ২০১৯
author img

By

Published : Apr 28, 2019, 2:50 AM IST

তেজপুৰ 28 এপ্ৰিলঃ বিগত বৰ্ষ সমূগৰ দৰে চলিত বৰ্ষতো তেজপুৰস্থিত শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন'লজী চমুকৈ জি আই এম টি, তেজপুৰত 'Ethnic Day' কাৰ্যসূচী হিচাপে 'গোমচেং ২০১৯' অনুষ্ঠানৰ আয়োজন কৰা হয়। অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানখনত প্ৰতিবছৰে ব'হাগ মাহৰ প্ৰথম পষেকত পৰম্পৰাগত সাজ পোছাক পৰিধানৰ দিৱস হিচাপে এটা দিন নিৰ্ধাৰণ কৰি বিশেষভাৱে উদযাপন কৰি অহা হৈছে। এই বৰ্ষত ২৭ এপ্ৰিলৰ দিনটোত আয়োজন কৰা উক্ত অনুষ্ঠানটোত প্ৰতিষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে অন্যান্য কৰ্মচাৰীবৃন্দ সকলোৱে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি নিজ নিজ কৃষ্টি-সংস্কৃতিৰ পৰিৱেশন কৰে। পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ শুভ-উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ বুলজিৎ বুঢ়াগোহাঁয়ে। অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমৰ পৰম্পৰাগত খেল-ধেমালি, কণী যুঁজ, ৰচী টনা, কলহ ভঙা আদিৰো আয়োজন কৰা হয়। ইয়াৰ উপৰিও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে হোলী গীত, ভূপেন্দ্ৰ সংগীত, কবিতা আবৃত্তি, বিহুৰ পৰিৱেশেনৰে পৰিৱেশ জীপাল কৰি তোলে ৷ শিক্ষা প্ৰতিষ্ঠানখনৰ শিক্ষকসকলেও বৰগীত, জিকিৰ, জ্যোতি সংগীত আদি পৰিৱেশন কৰে ৷ শিক্ষা প্ৰতিষ্ঠানখনৰ সহকাৰী অধ্যাপক পিনাকপাণি বৰুৱা ৰচিত আৰু নিৰ্দেশিত 'কামোৰ' শীৰ্ষক চুটি নাট এখনিও পৰিৱেশন কৰা হয়। ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীয়ে একেলগে পৰিৱেশন কৰা বিহু নৃত্যৰে অনুষ্ঠানটোৰ সামৰণী মৰা হয়।

etv bharat

Slug_A_Biswanath_Sonitpur_GIMT_28A_801_810_photo_Scrpt_Srimanta

জি অাই এম টি, তেজপুৰত 'গোমচেং ২০১৯' উদযাপন 

বিগত বৰ্ষসমূহৰ দৰে এইবাৰো তেজপুৰস্থিত শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন'লজী চমুকৈ জি অাই এম টি, তেজপুৰত 'Ethnic Day' কাৰ্যসূচী হিচাপে 'গোমচেং ২০১৯' অনুষ্ঠানৰ অায়োজন কৰা হয়। উল্লেখযোগ্য ৰাজ্যখনৰ অাগশাৰীৰ অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানখনত প্ৰতিবছৰে ব'হাগ মাহৰ প্ৰথম পষেকত পৰম্পৰাগত সাজ পোছাক পৰিধানৰ দিৱস হিচাপে এটা দিন নিৰ্ধাৰণ কৰি বিশেষভাৱে উদযাপন কৰি অহা হৈছে। এই বৰ্ষৰ বাবে ২৭ এপ্ৰিলৰ দিনটোত অায়োজন কৰা উক্ত অনুষ্ঠানটোত প্ৰতিষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে অন্যান্য কৰ্মচাৰীবৃন্দ সকলোৱে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি নিজ নিজ কৃষ্টি-সংস্কৃতিৰ পৰিৱেশন কৰে। পতাকা উত্তোলন অাৰু বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ শুভ-উদ্বোধন কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁয়ে। ইয়াৰ পিছতে 'শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উছৱৰ মধু অালোড়ণ' শীৰ্ষক সমৱেত সংগীতেৰে সাংস্কৃতিক কাৰ্যসূচীৰ অাৰম্ভণি কৰা হয়। পৰৱৰ্তী সময়ত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে হোলী গীত, ভূপেন্দ্ৰ সংগীত, কবিতা অাবৃত্তি, বিহু, অাধুনিক গীত অাদি বিবিধ অনুষ্ঠান পৰিৱেশেনৰে পৰিৱেশ মুখৰ কৰি তোলে। অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমৰ পৰম্পৰাগত খেল-ধেমালি কণী যুঁজ, ৰচী টনা, কলহ ভঙা অাদিৰো অায়োজন কৰা হয়। মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীবৃন্দই বৰগীতৰ পৰা অাদি কৰি জিকিৰলৈ, জ্যোতি সংগীতৰ পৰা গোৱালপৰীয়া লোকগীতলৈ সকলো সংমিশ্ৰণ কৰি পৰিৱেশন কৰি মনোমোহা সংগীতানুষ্ঠানে কাৰ্যসূচীক অন্য এক মাত্ৰা দিয়ে। ইয়াৰ লগতে মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক পিনাক পাণি বৰুৱা ৰচিত অাৰু নিৰ্দেশিত 'কামোৰ' শীৰ্ষক চুটি নাট এখনিও পৰিৱেশন কৰা হয়। এইসমূহ অনুষ্ঠানৰ সমান্তৰাল ভাৱে অায়োজন কৰা হয় 'পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা' অাৰু 'পৰম্পৰাগত খাদ্য সম্ভাৰ প্ৰস্তুত প্ৰতিযোগিতা'। ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীয়ে সমিলমিলেৰে পৰিৱেশন কৰা বিহু নৃত্যৰে অনুষ্ঠানটোৰ সফল সামৰণি মৰা হয়।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস 
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.