তেজপুৰ, ২৬ আগষ্ট : শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আৰু ধেমাজি জিলাৰ মুঠ ৬৫ টা গঁড়ৰ খৰ্গ(Rhino horn)ৰ বৃহস্পতিবাৰে তেজপুৰত পুনৰীক্ষণ কৰা হয় ৷ Rhino Horn Veficatoin And Genitic Sampling কমিটিৰ দ্বাৰা এই কাৰ্য সম্প্ৰাদান কৰা হয় । তেজপুৰত শোণিতপুৰ জিলা কোষাগাৰ(District Treasury)ত সংৰক্ষিত কৰি ৰখা এই গঁড়ৰ খৰ্গ সমূহ বিজ্ঞানসন্মতভাৱে পৰীক্ষা কৰা হয় ।
উল্লেখযোগ্য যে, সমগ্ৰ ৰাজ্যত বন বিভাগৰ তৎপৰতাত আৰম্ভ হোৱা গড়ৰ খৰ্গ পুনৰিক্ষণৰ অংশ হিচাবে বৰ্তমানলৈ ৰাজ্যত ২৫০ টা খৰ্গৰ পুনৰীক্ষণ সম্পন্ন হৈছে ৷ এই কথা জানিব দিয়ে ৰাজ্যৰ মুখ্য বন সংৰক্ষক বিষয়া এম কে যাদৱে(Chief Conservator of Forests MK Yadav) ৷ বৃহস্পতিবাৰে, তেজপুৰত পৰীক্ষা সম্পন্ন হোৱা মুঠ ৬৫ টা গঁড়ৰ খৰ্গৰ ভিতৰত ৫১ টা খৰ্গ নষ্ট কৰি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে ৫ টা খৰ্গ সংৰক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷
অসম চৰকাৰৰ মুখ্য বন্যপ্ৰাণী সংৰক্ষক এম. কে যাদৱৰ লগতে বনবিভাগৰ উচ্চ পদস্থ বিষয়া, ফৰেনচিক বিভাগৰ বিষয়া, প্ৰকৃতিপ্ৰেমী সংগঠনৰ প্ৰায় ৩৫ জনীয়া খৰ্গ পৰীক্ষকৰ দলটোৰ উপস্থিতিত শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ত এই পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন হয় ৷
ইফালে, এই পুনৰীক্ষণ কালত মুঠ ৬ খৰ্গ ভুৱা বুলি প্ৰমাণিত হয় ৷ খৰ্গ ভুৱা বুলি প্ৰমাণিত হোৱা এই বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে বনবিভাগে ৷ মন কৰিব লগীয়া যে, ৰাজ্যত সম্প্ৰতি প্ৰায় ২৫০০ ৰো অধিক খৰ্গ মজুত আছে কোষাগাৰ সমুহত৷ একাংশ চোৰাং চিকাৰী আৰু গড়ৰ খৰ্গ ব্যৱসায়ী সকলক ৰোধ কৰিবলৈ বৃহৎ পৰিমানৰ খৰ্গ নষ্ট কৰি পেলোৱাৰ ওপৰতো গুৰুত্ব দিছে বনবিভাগে ৷
ৰাজ্যখনত এতিয়াও নগাঁও, কঁহৰা আৰু গোলাঘাট জিলাত গড়ৰ খৰ্গ সমূহ পৰীক্ষা কৰিবলৈ বাকী আছে ৷ আনহাতে, কামৰূপ মহানগৰ, বৰপেটা আৰু মৰিগাঁও জিলাৰ পৰীক্ষণ কাৰ্য ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ পিছত বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ তেজপুৰত চাৰিখন জিলাৰ ৫ টা বন সংমণ্ডলৰ প্ৰাধিকাৰীৰ কাৰ্য্যালয় সামৰি লোৱা হয় ।
ইয়াৰ পিছত নগাঁও, গোলাঘাট আৰু কহৰাত পৰীক্ষণৰ কাম আৰম্ভ কৰিব বুলি মুখ্য বন সংৰক্ষক বিষয়া গৰাকীয়ে জনায় । তিনিখন জিলাত পৰীক্ষণ কাৰ্য সম্পূৰ্ণ কৰা ২৬১ টা খৰ্গৰ ভিতৰত ২৪১ টা ধ্বংস কৰাৰ বাবে চিনাক্ত কৰা হৈছে । আনহাতে বাকী ১৮ টা সংৰক্ষিত কৰা হ'ব । ইফালে, ইতিমধ্যে নষ্ট হৈ যোৱা গঁড়ৰ খৰ্গসমূহ ধ্বংস কৰাৰ পৰিকল্পনা হাতত লোৱা বুলিও জানিব দিয়ে মুখ্য বন সংৰক্ষক গৰাকীয়ে ।
লগতে পঢ়ক : দৰঙত ৭৪ টা গড়ৰ খৰ্গ পুনৰীক্ষণ কাৰ্য সম্পন্ন