তেজপুৰ , 8 জুনঃ প্ৰতিকূল বতৰৰ বাবে শনিবাৰে ব্যাহত হ'ল বায়ুসেনাৰ এন্টনোভ AN 32 ৰ উদ্ধাৰ অভিযান ৷ শুকুৰবাৰে নিশা তেজপুৰৰ পৰা দুখন চুখয় SU-30 MKI, এখন C-130J বিমানেৰে উদ্ধাৰ অভিযান চলাইছিল সেনাবাহিনীয়ে ৷ লগতে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে দিয়া তথ্য অনুসৰি চাৰিখন MI-17 আৰু সেনাবাহিনীৰ UAV ৰ লগতে সকলো চেঞ্চৰ ,ৰাডাৰ , ছেটেলাইটৰ জৰিয়তে আহৰণ কৰা তথ্য সমূহ ইতিমধ্যে স্কেন কৰিছে ৷ সেনাবাহিনী, আইটিবিপি, এছএছবি, অৰুণাচল প্ৰশাসন আৰু স্থানীয় লোকেও স্থল পথৰে অভিযান অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে, শুকুৰবাৰৰ পৰা অৰুণাচলৰ স্থানীয় লোকসকলেও 5 খন জিলাত উদ্ধাৰ অভিযানত অংশ লোৱা পৰিলক্ষিত হৈছে ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে জিলা প্ৰশাসন আৰু আৰক্ষীক নিজাববীয়াকৈ অভিযান চলাবলৈ অনুৰোধ কৰিছে ৷
মেচুকাৰ পৰা প্ৰায় ৭০ কিঃমিঃ দূৰত্বৰ চীন সীমান্ত আৰু তাৰ মাজৰ দাৰ্জিলিং পাহাৰৰ নামনি অঞ্চলত অভিযানৰ বাবে নামিছে স্থানীয় লোকে ৷ মেচুকাৰ পৰা লামাং আৰু জৰলুং অঞ্চলৰ পাহাৰীয়া অঞ্চললৈ স্থানীয় চিকাৰীৰ লগত গোট বান্ধি সন্ধানৰ বাবে গৈছে দুই এজন লোক ৷ এইসকল লোকে ঘূৰি আহি দিয়া তথ্যৰ ভিত্তিতহে অভিযান চলাব পৰা হ'ব বুলি জানিবলৈ দিছে মেচুকাৰ স্থানীয় বাসিন্দা "তাগে বাংকাই "৷ উল্লেখ্য যে, যোৱা সোমবাৰে ভাৰতীয় বায়ু সেনাৰ এই AN -32 বিমান খন যোৰহাটৰ পৰা অৰুণাচল প্ৰদেশৰ মেচুকালৈ মুঠ ১৩ গৰাকী বায়ুসেনাৰ সৈতে দৈনন্দিন অনুশীলনৰ বাবে গৈছিল আৰু উৰা মৰাৰ ৩৫ মিনিট পিছতেই এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ পৰা সংযোগ বিছিন্ন হৈ বৰ্তমানলৈ নিৰুদ্দেশ হৈ আছে বিমানখন ৷
আৰু পঢ়কঃ চতুৰ্থ দিনাও AN 32 উদ্ধাৰ অভিযান অব্যাহত