ETV Bharat / city

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভূক্ত তেজপুৰৰ যুৱকৰ - মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ

শোণিতপুৰ জিলাৰ তেজপুৰ চহৰৰ এক্স পুলিচ লাইনৰ ৰোনাল ৰাজবংশী নামৰ যুৱকজনে নাম অন্তৰ্ভূক্ত কৰিছে ইণ্ডিয়া বুক অব ৰেকৰ্ডত ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, নটসূৰ্য ফণী শৰ্মাৰ চিত্ৰ অংকন কৰি এই খিতাপ লাভ কৰিছে ৰোনালে ।

runal-rajbonshi-got-indian-book-of-record
তেজপুৰৰ যুৱকে অর্জন কৰিলে ইণ্ডিয়া বুক অব ৰেকৰ্ড
author img

By

Published : Apr 7, 2021, 3:43 PM IST

তেজপুৰ,৭ এপ্ৰিল: শোণিতপুৰ জিলাৰ তেজপুৰ চহৰৰ এক্স পুলিচ লাইনৰ এগৰাকী চিত্ৰকাৰে লাভ কৰিলে ইণ্ডিয়া বুক অব ৰেকৰ্ডৰ খিতাপ । এই খিতাপ অৰ্জন কৰিছে ৰোনাল ৰাজবংশী নামৰ চিত্ৰকাৰ গৰাকীয়ে ৷ তেওঁ বিভিন্ন সৰু-বৰ ছবি অংকন কৰাৰ লগতে নদীৰ শিলত জীৱ-জন্তুৰ চিত্ৰ অংকন কৰে ৷

ইয়াৰ উপৰিও বিভিন্ন বৰেণ্য ব্যক্তিৰ চিত্ৰ শিলত অংকন কৰি এই খিতাপ অৰ্জন কৰে যুৱকগৰাকীয়ে । যোৱা মাহৰ ২০ ফেব্ৰুৱাৰীত ইণ্ডিয়া বুক অব ৰেকৰ্ডৰ তৰফৰ পৰা এই বিষয়ে অৱগত কৰি খিতাপ প্ৰদান কৰা হয় । সৰুৰে পৰা ছবি আঁকি ভালপোৱা ৰোনাল বৰ্তমান এগৰাকী চিত্ৰ শিক্ষক ।

তেজপুৰৰ যুৱকে অর্জন কৰিলে ইণ্ডিয়া বুক অব ৰেকৰ্ড
তেজপুৰৰ যুৱকে অর্জন কৰিলে ইণ্ডিয়া বুক অব ৰেকৰ্ড

উল্লেখ্য যে, বৰেণ্য ব্যক্তি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, নটসূৰ্য ফণী শৰ্মাৰ চিত্ৰ অংকন কৰি এই খিতাপ লাভ কৰিছে ৰোনালে । ইতিমধ্যে ইণ্ডিয়া বুক অব ৰেকৰ্ডৰ তৰফৰ পৰা ৰোনাললৈ পত্ৰ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক: আমগুৰিত ব’হাগীক আদৰাৰ ব্যাপক প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.