ETV Bharat / city

শোণিতপুৰত দুৰ্ঘটনা: জ্বলি উঠিল এখন মটৰ চাইকেল

author img

By

Published : Apr 27, 2021, 10:46 PM IST

শোণিতপুৰৰ চাৰিদুৱাৰ লখৰাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এজন গুৰুতৰভাৱে আহত ৷ ঘটনাস্থলীতে জ্বলি উঠিল এখন মটৰ চাইকেল ৷

শোণিতপুৰত দুৰ্ঘটনাঃ জ্বলি উঠিল এখন মটৰ চাইকেল

ৰঙাপৰা, 27 এপ্ৰিল : শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ লখৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাত এজন মটৰ চাইকেল আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । মঙলবাৰে সন্ধিয়া প্ৰায় ৭ মান বজাত চাৰিদুৱাৰৰ লখৰা পথত অচিনাক্ত বাহনে প্ৰচণ্ড যোৰে খুন্দা মৰাৰ ফলত ৰাজপথতে দাওদাওকৈ জ্বলি উঠিল এখন মটৰ চাইকেল । পথ দুৰ্ঘটনাটোত মটৰ চাইকেল আৰোহীজন গুৰুতৰভাৱে আহত হয় ৷

আহত ব্যক্তিগৰাকী ক্ষেম কুমাৰ ছেত্ৰী বুলি জানিব পৰা গৈছে । চাৰিদুৱাৰৰ লখৰাত সংঘটিত দুৰ্ঘটনাটো ইমানেই ভয়ানক আছিল যে, আঘাতপ্ৰাপ্ত লোকজনক চিনি পোৱাটো একেবাৰে অসম্ভৱ হৈ পৰে । পিছত আহত লোকজনক অতি সংকটজনক অৱস্থাত স্থানীয় ৰাইজে চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে । আহত ক্ষেম কুমাৰ ছেত্ৰী লখৰাস্থিত ৱাইল্ড মাশীৰত কৰ্মৰত বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : বিলাসীপাৰাত ধোৱাঁচাঙত ক’ভিড প্ৰট’কল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.