ETV Bharat / city

ট্ৰাঞ্চফৰ্মাৰ আহিল কিন্তু ৰাইজে নাপালে বিদ্যুৎ

শোণিতপুৰৰ মিছামাৰীৰ এৰাবাৰীৰ গাঁৱত আজিও নহ'ল বিদ্যুৎ সেৱা ৷ খুঁটা পুতিয়েই দায়িত্ব সামৰিলে বিভাগটোৱে ৷ বছৰ বছৰ ধৰি বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হোৱাত ক্ষুব্ধ হৈ পৰিছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজ ৷

author img

By

Published : Jun 25, 2021, 4:07 PM IST

Public against power department In misamari,Sonitpur District
মিছামাৰীৰ এৰাবাৰীত এৰাবাৰীলৈ পৰণিত বিদ্যুৎবিভাগ

ৰঙাপৰা, 25 জুন : ৰাজ্যৰ প্ৰায়কেইখন জিলাতে উন্নয়নৰ নামত বিভিন্ন বেমেজালিৰ সৃষ্টি হোৱা দেখা গৈছে ৷ বাট-পথ, কৃষি, শক্তি প্ৰায়বোৰ দিশতে বছৰৰ পাছত বছৰ দুৰ্ভোগ ভুগিব লগীয়া হৈছে ৰাইজে ৷ দেশে স্বাধীনতাৰ 74 টা বছৰ অতিক্ৰম কৰিলে যদিও কি কংগ্ৰেছ, কি বিজেপি কোনো এখন চৰকাৰেই সফল হ'ব পৰা নাই চৰকাৰী আঁচনিত সমূহত সংঘটিত বেমেজালি সমূহ ৷ চৰকাৰে আঁচনিৰ নামত কোটি কোটি টকা খৰচ কৰে ঠিকেই কিন্তু সেই আঁচনিৰ পৰা উপকৃত নহয় ৰাইজ ৷

ইফালে দৈনন্দিন বিভিন্ন বাতৰি কাগজে পত্ৰ তথা সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পাইছে চৰকাৰী আঁচনি সমূহৰ ফোঁপোলা স্বৰূপ ৷ সমান্তৰালকৈ শোণিতপুৰ জিলাৰ মিছামাৰীৰ এৰাবাৰী গাঁৱৰ ৰাইজে আজিও লাভ নকৰিলে বিদ্যুৎ সেৱা । গাঁওখনৰ প্ৰায় দুশটা পৰিয়াল বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ ৰৈছে ।

প্ৰায় এবছৰ পূৰ্বে গাঁওখনৰ ৰাইজক বিদ্যুৎ সংযোগ দিয়াৰ উদ্দেশ্যৰে পকী খুঁটা পুতি তাঁৰ পৰ্যন্ত লগাইছিল বিভাগটোৱে । কিন্তু অতি পৰিতাপৰ বিষয় যে গাঁওখনত খুঁটাবোৰ পুতি থোৱা অৱস্থাতে আছে । 'আছে গৰু নাবায় হাল থকাতকৈ নথাকৈ ভাল' শীৰ্ষক আপ্ত বাক্যশাৰী যেন প্ৰযোজ্য হৈছে মিছামাৰীৰ এৰাবাৰী গাঁৱত।

ইফালে গাঁওখনৰ ৰাইজক বিদ্যুৎ সেৱা যোগান ধৰাৰ বাবে পথাৰৰ মাজত এটা ট্ৰাঞ্চফৰ্মাৰো বিভাগীয় কৰ্তৃপক্ষই স্থাপন কৰিছিল । শোণিতপুৰৰ ৰজত আলিৰ পথাৰত স্থাপন কৰা ট্ৰেঞ্চফৰ্মাৰোটো বৰ্তমানলৈকে তেনেদৰেই পৰি আছে । বিদ্যুৎ বিভাগৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবেই এৰাবাৰী গাঁৱৰ ৰাইজে বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ ৰোৱাৰ অভিযোগ উঠিছে ।

বছৰ বছৰ ধৰি বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হোৱাত ক্ষুব্ধ হৈ পৰিছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজ ৷ অতি শীঘ্ৰে বিদ্যুৎ সেৱা ব্যৱস্থা কৰি দিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ৰাইজে ৷

লগতে পঢ়ক : পৰীক্ষাৰ্থীৰ মূল্যায়ন পদ্ধতিক লৈ ড৹ হাফিজ ৰফিকুল ইছলামৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.