তেজপুৰ, 13 অক্টোবৰ : কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ দোহাই দি খিলঞ্জীয়া মিচিং জনগোষ্ঠীয় লোকক 15 দিনৰ ভিতৰত ঘৰ-বাৰী এৰি যাবলৈ প্ৰশাসনৰ সময়সীমা বান্ধি দিয়াৰ লগে লগে এতিয়া ক্ষোভৰ জুই জ্বলিছে গহপুৰৰ দক্ষিণাঞ্চলত । এই সন্দৰ্ভত অনুষ্ঠিত সংবাদমেলত কেইবাটাও জাতীয় সংগঠনে দাবী কৰে যে, যুগ যুগ ধৰি বসবাস কৰি অহা মিচিং সম্পদায়ৰ লোকসকলক চৰকাৰে উচ্ছেদ কৰিবলৈ ওলোৱাৰ বিপৰীতে পুনঃসংস্থাপনৰ কোনো পৰিকল্পনা নাই । অসম চৰকাৰে শীঘ্ৰে ইয়াৰ উচিত মীমাংসা নকৰিলে অনাগত বিধানসভা নিৰ্বাচনত কোনো কাৰণতে কোনো ৰাজনৈতিক দলক মিচিং অধ্যুষিত অঞ্চলত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিছে মিচিং জাতীয় সংগঠন কেইটাই । লগতে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকীয়াই দিয়ে ।
ভূমিপুত্ৰৰ মাটি ভেটি সুৰক্ষাৰ কথা কোৱা চৰকাখনৰ দিনতেই গহপুৰৰ 15 খন ৰাজহ গাঁৱৰ শ শ লোকক মাটি-ভেটি এৰি যাবলৈ জিলা প্ৰশাসনে নিৰ্দেশ দিয়া ঘটনাৰ পাছতেই 12 অক্টোবৰত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল গহপুৰৰ বৰতামুলী অঞ্চলত ।
স্থানীয় টি এম পি কেৰ নেতা লাল বাহাদুৰ মিলিৰ নেতৃত্বত আৰু এম এম কে মিচিং জাতীয় সংগঠনৰ উদ্যোগত অনুষ্ঠিত বৃহৎ নাগৰিক সভাত হাজাৰোধিক ৰাইজ অংগীকাৰবদ্ধ হৈ তেজ দিম ভেটি মাটি নিদিওঁ, অসম চৰকাৰ গ' বেক, কাজিৰঙা ষষ্ঠ সংযোজন গ' বেক, বন বিভাগ হায় হায় ধ্বনিৰে গহপুৰৰ বৰতামুলি অঞ্চলৰ আকাশ বতাহ কঁপাই তোলে ।
লগতে পঢ়ক : এছ.আই. প্ৰশ্নকাকত কেলেংকাৰীৰ কৰিমগঞ্জ সম্পৰ্ক !