তেজপুৰ/চিটাৰা ডেস্ক, 24 মাৰ্চ: অসমীয়া চলচ্চিত্ৰপ্ৰেমী দৰ্শকলৈ সুখবৰ ৷ ৰণ শীৰ্ষক এখন নতুন অসমীয়া বোলছবি ছবিয়ে শীঘ্ৰেই মুক্তি লাভ কৰিব (Upcoming Assamese film) ৷ ইতিমধ্যেই ছবিখনৰ পোষ্টাৰ মুকলি হৈছে তেজপুৰ চহৰত ৷ প্ৰায় পাঁচ বছৰ ধৰি এই প্ৰজেক্টটোৰ ওপৰত কাম কৰি আছিল নিৰ্মাতাই ৷
অসমীয়া সমাজব্যৱস্থাক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছে ‘ৰণ’ শীৰ্ষক ছবিখন ৷ সমাজৰ সংবেদনশীল বিষয়সমূহক সামৰি নিৰ্মাণ কৰা ছবিখনক লৈ যথেষ্ট আগ্ৰহী নিৰ্মাতাসকল (Assamese film on sensitive issues of society) ৷ ছবিখনত দৰ্শকে বিভিন্ন ৰঙৰ সমাহাৰ ঘটা দেখিবলৈ পাব বুলি আশাবাদী ছবিখনৰ লগত জড়িত কৰ্মকৰ্তাসকল ৷
অন্ধবিশ্বাস, নিবনুৱা সমস্যা আৰু উগ্ৰপন্থীৰ সমস্যা আদিৰ উপস্থাপনেৰে নিৰ্মাণ হোৱা পূৰ্ণাংগ অসমীয়া ছবিখনৰ পোষ্টাৰ মুকলি কৰা হয় বৃহস্পতিবাৰে (Ron film poster) ৷ তেজপুৰত মুকলি কৰা হ’ল ৰণৰ পোষ্টাৰ ৷ শোণিতপুৰ জিলাৰ হৰগৌৰী প্ৰডাকচনৰ ই এটা পাঁচবছৰীয়া প্ৰকল্প ৷
ক’ভিড-19ৰ পয়োভৰ কম হোৱাৰ সময়তে হৰগৌৰী প্ৰডাকচনে সম্পূৰ্ণ কৰি তুলিলে ছবিখনৰ কাম ৷ অসমীয়া বোলছবি জগতৰ অন্যতম অভিনেতা ব্ৰজেন বৰুৱাৰ বলিষ্ঠ অভিনয় দৰ্শকে উপভোগ কৰিবলৈ পাব এই ছবিখনত ৷ 24 মাৰ্চত সাংস্কৃতিক নগৰী তেজপুৰত হৰগৌৰী প্ৰডাকচনৰ পাঁচ বছৰীয়া পৰিক্ৰমাৰ ফচল ৰঙীন কথাছবি ‘ৰণ’ ৰ পোষ্টাৰ মুকলি কৰে অসমৰ কথাছবি জগতৰ অন্যতম অভিনেতা অৰুণ নাথে ।
এই উপলক্ষে শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভাকক্ষত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান ৷ অনুষ্ঠানত কথাছবি খনৰ শিল্পী, কলা-কুশলী, সাংবাদিক আৰু হৰগৌৰী প্ৰডাকচনৰ মুৰব্বী তথা অভিনেতা দিগন্ত শৰ্মা উপস্থিত থাকে ৷
পোষ্টাৰ মুকলি কৰি অভিনেতা অৰুণ নাথে অসমৰ ৰাইজক কথাছবি খন উপভোগ কৰাৰ বাবে আহ্বান জনায় । আনহাতে অভিনেতা তথা কথাছবি খনৰ পৰিচালক, প্ৰযোজক দিগন্ত শৰ্মাই অসমৰ সমাজ ব্যৱস্থাৰ পটভূমিত ৰচিত কথাছবি খনৰ প্ৰতিটো মূহুৰ্তত দৰ্শকে আমোদ লাভ কৰিব বুলি কয় ।
সাংবাদিক তথা কথাছবি খনৰ অন্যতম প্ৰযোজক বিমল নাথে অনুষ্ঠানটিৰ আঁত ধৰি কথাছবি খন নিৰ্মাণৰ সময়ত অৰ্জন কৰা অভিজ্ঞতা সম্পৰ্কে বক্তব্য আগবঢ়ায় । কথাছবি খনৰ কাম চলি থকা সময়ত ক’ভিড সৃষ্ট পৰিবেশৰ বাবে সন্মূখীন হোৱা সমস্যাৰ বিষয়েও তেওঁ উল্লেখ কৰে ৷ ৰণ কথাছবি খনে চলিত বৰ্ষৰ মে‘ মাহত মুক্তি লাভ কৰিব (Assamese film Ron release date) ৷