ETV Bharat / city

জল-জীৱন মিছন আঁচনিৰ খোৱাপানীত ফ্ল’ৰাইড নাই: জয়ন্ত মল্ল বৰুৱা

author img

By

Published : Sep 1, 2022, 7:50 PM IST

অসমৰ ১৪ খন জিলাত খোৱাপানীত ফ্ল’ৰাইড আৰ্চেনিকৰ মাত্ৰা অধিক পোৱা গৈছে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই(PHE Minister Jayanta Malla Baruah) ৷ ৰাইজক পুখুৰী, সাধাৰণ কুঁৱা তথা তেনে উৎসৰ পৰা খোৱাপানীৰ ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ।

PHE Minister Jayanta Malla Baruah on Jal Jeevan Mission
মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

তেজপুৰ, ১ ছেপ্টেম্বৰ: অসমৰ ১৪ খন জিলাত খোৱাপানীত ফ্ল’ৰাইড আৰু আৰ্চেনিকৰ মাত্ৰা অধিক পোৱা গৈছে বুলি চৰকাৰী তথ্যত প্ৰকাশ পোৱাৰ পিছত ৰাজ্যজুৰি এক প্ৰকাৰৰ আতংকৰ সৃষ্টি হৈছে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই(PHE Minister Jayanta Malla Baruah) ৰাইজক পুখুৰী, সাধাৰণ কুঁৱা তথা তেনে উৎসৰ পৰা খোৱাপানীৰ ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায় ।

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

ই টিভি ভাৰতৰ লগত বৃহস্পতিবাৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় যে সাধাৰণ ঠাইৰ পানীৰ ব্যৱহাৰ বন্ধ কৰিব লাগিব । তেওঁ লগতে কয় যে বৰ্তমান চৰকাৰৰ জল-জীৱন আঁচনিৰ অধীনত যোগান ধৰা খোৱাপানীত ফ্ল’ৰাইড নাই(Jal Jeevan Mission) ৷ কাৰণ এই আঁচনিৰ অধীনত ফ্ল’ৰাইড পৰীক্ষা কৰি তাৰ পিছতহে ব্যৱহাৰৰ বাবে উপযোগী বুলি বিবেচিত কৰা হয় ।

তেওঁ আৰু কয় যে সাধাৰণ হেণ্ড পাম্পৰ পানীত বিশেষকৈ এই আৰ্চেনিক পদাৰ্থৰ সম্ভেদ পোৱা যায় আৰু সেইবাবেই দীপ টিউৱেলৰ জৰিয়তে জনসাধাৰণৰ মাজত খোৱাপানীৰ যোগান ধৰা হৈছে ৷ তেওঁ ৰাইজক পুখুৰী, সাধাৰণ কুঁৱা তথা তেনে উৎসৰ পৰা ওলোৱা খোৱাপানী ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায় । এইক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে দৰং জিলাৰ উদাহৰণ দি কয় যে, দৰঙৰ কেইবাখনো গাঁৱৰ পানীত ফ্ল’ৰাইড আৰ্চেনিক পোৱা গৈছিল ৷

কিন্তু তাত জল-জীৱন মিছন আঁচনিৰ পানী কেইবাবাৰো পৰীক্ষা কৰাৰ পাছতো ফ্ল’ৰাইড, আৰ্চেনিকৰ অৱস্থিতি পোৱা নহ’ল ৷ তেওঁ লগতে জল-জীৱন মিছন আঁচনি ২০২৪ চনলৈ লক্ষ্য কৰি কাম কৰা হৈছে বুলি উল্লেখ কৰি ইয়াৰ আসোঁৱাহসমূহ দূৰ কৰি ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে চৰকাৰে সিদ্ধান্ত লৈ এই আঁচনিৰ কাম কৰিছে বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : বৰাজুলি বন্য ধাননি-হাজং কচ্ছপ হ্ৰদলৈ জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.