তেজপুৰ, 29 ডিচেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উদ্ধাৰ হোৱা বাঘৰ পোৱালী এটা মঙলবাৰে, অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষক চমজাই দিয়া হয় ৷ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা বাঘৰ পোৱালীটোৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত চিৰিয়াখানা কৰ্তৃপক্ষক চমজাই দিয়াৰ সিদ্ধান্ত লয় উদ্যান কৰ্তৃপক্ষই ৷ নতুন বছৰত বাঘৰ পোৱালীটো ৰাজ্যিক চিৰিয়াখানাৰ নতুন আলহী হিচাপে গ্ৰহণ কৰে ৷
![অসম ৰাজ্যিক চিৰিয়াখানাত নতুন আলহী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-29dec-03-pix-tigercub-pranabkumardas-7203907_29122020214224_2912f_1609258344_652.jpg)
ৰাষ্ট্ৰীয় উদ্য়ানখনৰ ভিতৰত উদ্ধাৰ হোৱা পোৱালীটো অপৈনত অৱস্থাত জন্মগ্ৰহণ কৰিছিল ৷ যাৰ বাবে মাকে পোৱালীটোক তেনেদৰে উদ্যানখনৰ ভিতৰত অকলশৰীয়াকৈ এৰি থৈ গৈছিল ৷ সদ্যহতে ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই পোৱালীটোৰ দায়িত্ব গ্ৰহণ কৰি চিৰিয়াখানালৈ লৈ আনে ৷
লগতে পঢ়ক : ডিব্ৰুগড়ৰ চাবুৱা চাহ বাগিচাত উদ্ধাৰ দুটাকৈ বাঘৰ পোৱালী