তেজপুৰ, ১৪ মে’: মঙলবাৰে তেজপুৰ পৌৰ সভাৰ সভাকক্ষত আয়োজন কৰা এক সভাত কৃষি, পশুপালন আৰু পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ অধীনত চলি থকা বিভিন্ন কাম-কাজৰ বুজ লয় সাংসদ পল্লৱ লোচন দাসে ।
সাংসদগৰাকীয়ে কৃষি বিভাগৰ বিষয়াসকলক প্ৰধানমন্ত্ৰী কিষাণ সন্মান আচঁনিৰ হিতাধিকাৰীৰ তালিকাত বিসংগতি থকা বুলি অভিযোগ উঠা পৰিপ্ৰেক্ষিতত অহা ১৫ মে’ৰ ভিতৰত গাওঁ পঞ্চায়ত পৰ্যায়ত এই তালিকাৰ পুনৰ নিৰীক্ষণ কৰি প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিয়ে ৷ সভাত উপস্থিত কৃষি উন্নয়ন বিষয়াসকলক এই কাৰ্য দায়বদ্ধতাৰে সম্পন্ন কৰিবলৈ আহ্বান জনায় সাংসদগৰাকীয়ে ।
এই তালিকাত যাতে কোনো মৃত লোক, দৰিদ্ৰ সীমা ৰেখাৰ ওপৰত থকা অথবা আৰ্থিক ভাৱে সৱল লোক, চৰকাৰী চাকৰিয়ালৰ নাম অন্তৰ্ভুক্ত নহয়, সেয়া নিশ্চিত কৰিবলৈও নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ আনহাতে এই কাৰ্যত পুনৰ কোনো ধৰণৰ খেলিমেলি সংঘটিত হ’লে উক্ত তালিকা প্ৰস্তুতৰ দায়িত্বত থকা লোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্পষ্ট কৈ উল্লেখ কৰি এক সকীয়নি প্ৰদান কৰিছে সাংসদগৰাকীয়ে ।
ইয়াৰ লগতে সভাত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সন্দৰ্ভত সৃষ্টি হোৱা পৰিস্থিতিৰ সম্পৰ্কেও পশু চিকিৎসা বিভাগৰ বিষয়াসকলৰ লগত আলোচনা কৰে পল্লৱ লোচন দাসে । সাংসদগৰাকীয়ে বিভাগীয় বিষয়া সকলক জিলাখনত সংগঠিত তথা অসংগঠিত খণ্ডৰ সকলো গাহৰি পালকৰ এখন সামগ্ৰিক তালিকা প্ৰস্তুত কৰি জিলাখনৰ সকলো গাহৰি পালকৰ পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈ আৰু বিক্ৰীৰ কৰাৰ আগত গাহৰি বা গাহৰি পোৱালিৰ প্ৰমাণীকৰণ আদিৰ বাবে অহা ৭ দিনৰ ভিতৰত নিৰ্দেশাৱলী প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে । জিলাখনৰ গাহৰি পালকসকলক আফ্ৰিকান ছোৱাইন ফিভাৰৰ বাবে উদ্ভৱ হোৱা পৰিস্থিতিত কিদৰে সহায় সহযোগিতা আগবঢ়াব পাৰি সেই দিশত চিন্তা কৰিবলৈও বিষয়াসকলক আহ্বান জনাইছে । জিলাখনৰ গাহৰি পালকসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ ওপৰতো সাংসদগৰাকীয়ে গুৰুত্ব আৰোপ কৰি পশুপালন বিভাগৰ বিষয়াসকলক পঞ্চায়ত প্ৰতিনিধি সকলৰ সহযোগিতাত ব্যাপক সজাগতা কাৰ্যসূচী হাতত ল'বলৈ কোৱা হৈছে ৷
সভাত সাংসদগৰাকীয়ে পঞ্চায়ত আৰু গ্ৰমোন্নয়ন বিভাগৰ অধীনত চলি থকা বিভিন্ন আচঁনি যেনে প্ৰধান মন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ), এম.জি.এন.ৰে.গা. আদিৰ অগ্ৰগতিৰ বিষয়ে বুজ লয় আৰু উপস্থিত শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্যক যিসকল বিষয়াৰ বিৰুদ্ধে এনে আঁচনি ৰূপায়নৰ সময়ত খেলিমেলি সংঘটিত কৰাৰ অভিযোগ উৎত্থাপন হৈছে তেওঁলোকৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷
আনহাতে সাংসদগৰাকীয়ে কৰ্মস্থলীৰ পৰা আগতীয়া অনুমোদন নথকাকৈ অনুপস্থিত থকা বিষয়াসকলৰ তালিকা দাখিল কৰিবলৈ খণ্ড উন্নয়ন বিষয়াসকলক নিৰ্দেশ দিয়ে আৰু এই বিভাগৰ অধীনত সকলো কাম পূৰ্ণগতিত চলাই নিবলৈ আহ্বান জনায় ৷ আগন্তুক জিলা সমন্বয়ৰক্ষী আৰু তদাৰকী সমিতিৰ বৈঠকৰ আগতে সকলো খণ্ড পৰ্যায়ৰ তদাৰকী সমিতি সমূহৰ বৈঠক সম্পন্ন কৰি প্ৰতিবেদন দাখিল কৰিবলৈ সাংসদগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰিছে ৷