ETV Bharat / city

তেজপুৰত ৰহস্যজনকভাৱে সন্ধানহীন হোৱা নৱজাতকক উদ্ধাৰ - Kanaklata Civil Hospital Tezpur

মঙলবাৰে তেজপুৰত উদ্ধাৰ হয় এটি সন্ধানহীন নৱজাতক(Missing new born baby rescued in Tezpur) ৷ এগৰাকী মাতৃয়ে অবৈধভাৱে জন্মদিয়া শিশুটিৰ দ্বায়িত্ব এটা স্বেচ্ছাসেৱী সংস্থাক দিয়াৰ পিছতে ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে শিশুটি ৷ শিশুটিক আইতাকে বিক্ৰী কৰিবলৈ বিচৰাৰ অভিযোগো উত্থাপিত হৈছে ৷

তেজপুৰত ৰহস্যজনকভাৱে সন্ধানহীন হোৱা নৱজাতকক উদ্ধাৰ

author img

By

Published : Jan 5, 2022, 7:23 PM IST

তেজপুৰ, ৪ জানুৱাৰী : সন্ধানহীন হৈ থকা তেজপুৰৰ এটি নৱজাতকক (Missing new born baby rescued in Tezpur) মঙলবাৰে ৰহস্যজনকভাৱে এগৰাকী মহিলাৰ ঘৰত উদ্ধাৰ কৰা হয় ৷ তেজপুৰ বামুনি পাহাৰৰ এগৰাকীৰ নাবালিকা কন্যাই যোৱা ৩১ ডিচেম্বৰত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত জন্ম দিয়া নৱজাতকটিৰ দ্বায়িত্ব স্বেচ্ছাসেৱী সংস্থা(SOFTSEED Child Home Tezpur) চবচিটক দিয়াৰ পিছতেই চিকিৎসালয়ৰ পৰাই ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰিছিল ৷

শোণিতপুৰ জিলা শিশু কল্যাণ সমিতিৰ এটি দলে মঙলবাৰে তেজপুৰৰ বামুনি পাাহাৰৰ নিবাসী সৰস্বতী ৰায় নামৰ মহিলা এগৰাকীৰ ঘৰত অবৈধভাৱে জন্ম দিয়া নৱজাতকটি উদ্ধাৰ কৰে । চিকিৎসালয়ৰ পৰাই শিশুটি যোৱা ৩ জানুৱাৰীত সন্ধানহীন হোৱাৰ পিছতেই চফচিট নামৰ সংগঠনটোৱে তেজপুৰ সদৰ থানাত গোচৰ দিয়ে ৷ এই অভিযোগৰ আধাৰত আৰক্ষী আৰু জিলা শিশু কল্যাণ সমিতিয়ে অভিযান চলাই নৱজাতকটি উদ্ধাৰ কৰে ।

তেজপুৰত ৰহস্যজনকভাৱে সন্ধানহীন হোৱা নৱজাতকক উদ্ধাৰ

জানিব পৰা অনুসৰি পোনপ্ৰথমে শিশুটিৰ দ্বায়িত্ব চফচিট নামৰ সংস্থাটোক দিয়া হৈছিল যদিও সংস্থাটোৰ অজ্ঞাতেই শিশুটিৰ আইতাকে নিউ কলিবাৰী বামুনী পাহাৰৰ সৰস্বতী ৰায় নামৰ মহিলাগৰাকীলৈ শিশুটি হস্তান্তৰ কৰে ৷ আনহাতে অবৈধভাৱে জন্ম দিয়া নৱজাতকটি সৰস্বতী ৰায় নামৰ মহিলাগৰাকীক বিক্ৰী কৰা বুলি অভিযোগ তুলিছে চফচিট শিশু আশ্ৰয়গৃহৰ অধ্যক্ষ সুৰেন্দ্ৰ বৰঠাকুৰে ।

তাৎপৰ্যপূৰ্ণভাৱে এগৰাকী ১৪ বছৰীয়া নাবালিকাই অবৈধভাৱে গৰ্ভধাৰণ কৰাৰ পিছত অভিযুক্তৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে কিশোৰীগৰাকীৰ লগতে নৱজাতকটি এটা সংস্থাৰ হাতত গটাই দিয়া বিষয়টো আইনগতভাৱে কিমান গ্ৰহণযোগ্য সেয়া চিন্তনীয় বিষয় । ঘটনা সন্দৰ্ভত সম্প্ৰতি আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Majuli man turns 105 years old: ১০৫ বছৰীয়া ককাৰ জন্ম দিন পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.