ETV Bharat / city

Earthquake in Assam: ৰাজ্যত ৩.৬ প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি

author img

By

Published : Dec 24, 2021, 7:04 PM IST

শুকুৰবাৰে ৩.৬ প্ৰাৱল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল সমগ্ৰ ৰাজ্য (Earthquake hits Assam on Friday) ৷ বিয়লি ৩ বাজি ৩৫ মিনিটত অহা ভূমিকম্পটোৰ উৎপত্তি স্থল আছিল দৰং জিলা ৷

ৰাজ্যত ৩.৬ প্ৰব্যল্যৰ ভূঁইকঁপৰ জোকাৰণি
ৰাজ্যত ৩.৬ প্ৰব্যল্যৰ ভূঁইকঁপৰ জোকাৰণি

তেজপুৰ, ২৪ ডিচেম্বৰ: ৰাজ্যত শুকুবাৰে জোঁকাৰি গ’ল ভূমিকম্পই (Earthquake hits Assam on Friday) । সমগ্ৰ অসমতে কম-বেছি পৰিমানে এই ভূমিকম্পই জোঁকাৰণিৰ সৃষ্টি কৰে ৷ ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৩.৬ ৷ ইয়াৰ উৎপত্তি স্থল দৰং জিলাত বুলি জানিব পৰা গৈছে । বিয়লি ৩ বাজি ৩৫ মিনিটৰ অহা ভূমিকম্পটোৰ গভীৰতা ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ বুলি জানিবলৈ দিয়ে বতৰ বিজ্ঞান কেন্দ্ৰই ।

উল্লেখযোগ্য যে, অসমৰ শোণিতপুৰ, দৰং আৰু নগাঁও জিলাৰ পাৰ্শ্বৱৰ্তী এলেকাত এই বছৰত কেবাটাও সৰু-বৰ ভূঁইকঁপে জোকাৰি যায় । যোৱা ৩ অক্টোবৰত সন্ধিয়া অহা এটা ভূঁইকঁপৰ কিছু সময়ৰ পিছতে তেজপুৰ চহৰৰ আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত ধাৰাসাৰ বৰষুণ হৈছিল । আনহাতে যোৱা ২৭ ছেপ্টেম্বৰ মঙলবাৰে মাজনিশাও এক ভূইকঁপে জোকাৰি যায় অসমৰ ভিন্ন প্ৰান্তত ৷ ৰিখটাৰ স্কেলত ৩.২ প্ৰাবল্যৰ ভূমিকম্পটোৰ ফলত তেজপুৰত জোঁকাৰণি অনুভূত হয় ৷ মাজনিশা প্ৰায় ১২.৫২ বজাত অহা ভূমিকম্পটোৰ ভূ-পৃষ্ঠৰ পৰা গভীৰতা আছিল ১০ কিল’মিটাৰ ৷ ইয়াৰ তিনিদিন পূৰ্বে অৰুণাচল প্ৰদেশৰ পাংগিঙৰ ওচৰত আন এক ভূঁইকঁপৰ জোকাৰণি হয় । চলিত বৰ্ষৰ এপ্ৰিল মাহৰ ২৮ তাৰিখৰ পুৱা ৮ বজাত ৬.৫ প্ৰব্যল্যৰ ভূঁইকঁপৰ ফলত শোণিতপুৰ জিলাত উৎপত্তিস্থলৰ পৰা মাটি ফাটি পানী ওলাই আহিছিল । ইয়াৰ পিছত মুঠ ৩০ টা সৰু বৰ ভূমিকম্পই জোকাৰি গৈছিল ৰাজ্য ।

লগতে পঢ়ক: Weather Forecast for North East: শীতত স্বাভাৱিক থাকিব অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.