তেজপুৰ, 21 ছেপ্তেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড়ৰ ওপৰত তথ্য চিত্ৰ নিৰ্মাণ কৰি উলিয়াইছে ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা গড় সংৰক্ষক কেভিন পিটাৰছনে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভ্ৰমণকালত ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত নিৰ্মাণ কৰা তথ্য চিত্ৰখন আন্তঃৰাষ্ট্ৰীয় গড় দিৱস অৰ্থাৎ মঙলবাৰে নিশা 9 বজাত নেশ্যনেল জিঅ’গ্ৰাফী চেনেলৰ জৰিয়তে বিশ্ববাসীৰ আগত প্ৰচাৰ কৰা হ’ব বুলি টুইট যোগে অসমৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক জানিবলৈ দিয়ে প্ৰাক্তন খেলুৱৈগৰাকীয়ে ।
কেভিন পিটাৰছনৰ তথ্য চিত্ৰখনৰ মূল বিষয় হৈছে বিশ্ব বিখ্যাত বন্যপ্ৰাণী এশিঙীয়া গঁড়ক বিশ্বৰ আগত দাঙি ধৰা । প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ইতিপূৰ্বে আফ্ৰিকাৰ গঁড়ৰ ওপৰতো সংৰক্ষণ ব্যৱস্থাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে । পিটাৰচেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰি থলুৱা লোকৰ লগত মত বিনিময় কৰাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন দিশৰ বুজ লয় আৰু তামোলিপথাৰ প্রাথমিক বিদ্যালয়, দিৰিং চাহ বাগিছাৰ বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীৰ লগতো মত বিনিময় কৰিছিল ৷
চলিত বৰ্ষৰ 4 মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰি 12 মাৰ্চত ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বিদায় লৈছিল প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ৷
উল্লেখযোগ্য যে, মাত্ৰ 14 টা গঁড়ৰ জৰিয়তে 1905 চনত আৰম্ভ হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় সংৰক্ষণ প্ৰক্ৰিয়া ৷ বৰ্তমানে ৰাষ্ট্ৰীয় উদ্যানখন 2,500 ৰো অধিক গঁড়ৰ বসতিস্থল । আনহাতে উদ্যানখনত কেইদিনমান পূৰ্বে 9 টা সংযোজন অন্তৰ্ভুক্ত কৰা হৈছে ।
-
.@KP24 busts the myth about rhino horn’s so-called medicinal properties. Join his conservation efforts as he explores Kaziranga to save the beautiful Greater One-Horned Rhino. Save This Rhino premieres 22nd September, 1 PM, repeat at 9 PM, on Nat Geo Wild. #NatGeoWild #RealisHere pic.twitter.com/ReubMzVedq
— Nat Geo India (@NatGeoIndia) September 20, 2020 " class="align-text-top noRightClick twitterSection" data="
">.@KP24 busts the myth about rhino horn’s so-called medicinal properties. Join his conservation efforts as he explores Kaziranga to save the beautiful Greater One-Horned Rhino. Save This Rhino premieres 22nd September, 1 PM, repeat at 9 PM, on Nat Geo Wild. #NatGeoWild #RealisHere pic.twitter.com/ReubMzVedq
— Nat Geo India (@NatGeoIndia) September 20, 2020.@KP24 busts the myth about rhino horn’s so-called medicinal properties. Join his conservation efforts as he explores Kaziranga to save the beautiful Greater One-Horned Rhino. Save This Rhino premieres 22nd September, 1 PM, repeat at 9 PM, on Nat Geo Wild. #NatGeoWild #RealisHere pic.twitter.com/ReubMzVedq
— Nat Geo India (@NatGeoIndia) September 20, 2020
পিটাৰছনে ৰাষ্ট্ৰীয় উদ্যানৰ বহু ভিতৰুৱা অঞ্চলত প্ৰৱেশ কৰি গঁড়ৰ দৃশ্য সংগ্ৰহ কৰিছিল ৷ ইতিমধ্যে তেওঁ প্ৰচাৰৰ টুইটাৰ ভিডিঅ’ত সেইয়া অনুমেয় ৷ পিটাৰছনে কয় যে , ‘‘মই অধিক সময় গঁড় সংৰক্ষণ কৰাৰ বাবেই নিজকে নিয়োজিত কৰোঁ আৰু এইটোৱে মোৰ উদ্দেশ্যে ।’’
লগতে চাওক-আজি আইপিএলত কোহলিৰ সন্মুখত ৱাৰ্ণাৰ