তেজপুৰ, ৮ মে': অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰিত সেনাৰ প্ৰশংসনীয় পদক্ষেপ । ইয়াৰ দুৰ্গম অঞ্চলৰ লোক সকলক COVID-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ সহায়ৰ হাত আগবঢ়াইছে ভাৰতীয় সেনাই । লক্ ডাউনৰ মাজতেই বিতৰণ কৰিছে বহু চিকিৎসা সামগ্ৰী ।

অৰুণাচল প্ৰদেশৰ এই লোক সকলৰ মাজত সেনাবাহিনীৰ মেডিকেলৰ দলে চেনিটাইজাৰ, হেণ্ডগ্ল'ভছ, মাস্ক আৰু খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে চিকিৎসাৰ সজাগতাৰ বিষয়েও অৱগত কৰে ৷

সেনাবাহিনীৰ চিকিৎসা বিভাগৰ দলটোৱে জিলাখনৰ ভিতৰুৱা অঞ্চলৰ লোক সকলক এই মহামাৰীৰ বাবে ল'ব লগা সাৱধানতাৰ বিষয়ে চৰকাৰৰ চিকিৎসা বিভাগে প্ৰদান কৰা নিয়ম সমূহ পালন কৰিবলৈও আহ্বান জনায় ।

ভাৰতত বৰ্তমানলৈকে কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৫৬,৪০৯ গৰাকী লোক । ইয়াৰে ভিতৰত ১,৮৯০ গৰাকী লোকে প্ৰাণ হেৰুৱালগীয়া হৈছে । আনহাতে আৰোগ্য লাভ কৰিছে ১৬,৭৯০ গৰাকী লোকে । দেশখনত বৰ্তমানো ৩৭,৭২৫ টা ঘটনা সক্ৰিয় হৈ আছে । আনহাতে অসমত বৰ্তমানলৈকে ৫৪ জন লোক কৰ'ণা মহামাৰীত আক্ৰান্ত হোৱাৰ বিপৰীতে অৰুণাচলত আক্ৰান্ত হৈছে ১ জন লোক ।