ETV Bharat / city

প্ৰাক্তন ভাৰতীয় সেনা জোৱানক সাহাৰ্য্য প্ৰদান সেনাধ্যক্ষৰ - ফ্ৰণ্টিয়াৰ ফৰ্চ

নেপাল স্থলসেনাৰ সন্মানীয় সেনাধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ভাৰতীয় সেনাত সেৱা আগবঢ়োৱা এগৰাকী সৈনিকক আৰ্থিক সাহাৰ্য্য আগবঢ়ায় জেন. মনোজ মুকুন্দ নাৰাৱানে ৷

Indian Army Chief offered financial help of IA's GR trooper from Nepal in his Nepal Visit

author img

By

Published : Nov 8, 2020, 12:42 PM IST

তেজপুৰ, 8 নৱেম্বৰ : ভাৰতৰ ফ্ৰণ্টিয়াৰ ফৰ্চৰ 4/5 গোর্খা ৰাইফলছৰ এজন মহাবীৰ চক্ৰ বিজেতা অৱসৰপ্ৰাপ্ত সেনা জোৱান লেন্স হাবিলদাৰ দিল বাহাদুৰ ছেত্ৰী (ৰেংক নং 5442887P)ক ভাৰতীয় সেনাৰ মুখ্য সেনাধ্যক্ষ জেন. মনোজ মুকুন্দ নাৰাৱানে 5 লাখ টকাৰ সেনাৰ কল্যাণৰ চেক প্ৰদান কৰে ৷

লেন্স হাবিলদাৰ দিল বাহাদুৰ ছেত্ৰী
লেন্স হাবিলদাৰ দিল বাহাদুৰ ছেত্ৰী

1959 চনৰ 21 আগষ্টত নেপালৰ মাততা ডং জিলাৰ গাৰ্তী গাওঁত ছেত্ৰীৰ জন্ম হৈছিল ৷ 1968 চনৰ 21 আগষ্টত তেওঁ ফ্ৰণ্টিয়াৰ ফৰ্চৰ ভাৰতীয় সেনাত যোগ দিছিল । ভাৰতীয় সেনাত অদম্য সাহসৰ পৰিচয় দাঙি ধৰা ছেত্ৰীৰ অৱদান অতুলনীয় আছিল । 1971 চনৰ পাকিস্তানৰ লগত হোৱা যুদ্ধত তেওঁৰ দল আছিল তেতিয়াৰ পূব পাকিস্তান আৰু বৰ্তমানৰ বাংলাদেশৰ চিলেট জিলাত । সেই যুদ্ধত পাকিস্তানৰ এটা MMG পোষ্ট দখল কৰি 8 জনক তেঁওৰ খুকুৰীৰে আক্ৰমণ কৰি পৰাভূত কৰিছিল । তাৰ বাবে ভাৰতীয় সেনাৰ পৰা মহাবীৰ চক্ৰ সন্মান লাভ কৰিছিল ছেত্ৰীয়ে ।

লেন্স হাবিলদাৰ দিল বাহাদুৰ ছেত্ৰী
লেন্স হাবিলদাৰ দিল বাহাদুৰ ছেত্ৰী

পৰৱৰ্তী সময়ত দিল বাহাদুৰ ছেত্ৰী নিজৰ অনুৰোধত সেনাৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল 1976 ৰ 8 এপ্ৰিলত আৰু নেপালৰ অতি ভিতৰুৱা অঞ্চলত বানকে জিলাত বসতি কৰিবলৈ লৈছিল । কিন্তু অতি ভিতৰুৱা অঞ্চলত বসবাস কৰা বাবে তেওঁৰ বিষয় বহুতে জনা নাছিল । তেওঁৰ অসুবিধাৰ বাবে ভাৰতীয় সেনাৰ কল্যাণ পুঁজিৰ পৰা তেওঁক সেনাই 10 লাখ টকাৰ এক সহায় আগবঢ়াইছিল আৰু 2019 চনৰ নেপালৰ বুটৱালত অনুষ্ঠিত প্ৰাক্তন সৈনিক সমাৰোহত তেওঁক 5 লাখ টকাৰ এখন চেক প্ৰদান কৰা হৈছিল আৰু বাকী থকা 5 লাখ এইবাৰ ভাৰতীয় সেনাৰ সেনাধ্যক্ষ মনোজ মুকুন্দ নাৰাৱানে তেওঁৰ নেপাল ভ্ৰমণত প্ৰদান কৰে বুলি জনাইছে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফ্টনেণ্ট কৰ্ণেল পি খোনচাই ।

লগতে পঢ়ক : লাডাখৰ ভাৰত-চীনৰ কামাণ্ডাৰ পৰ্যায়ৰ অষ্টমলানি বৈঠক সমাপ্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.