ETV Bharat / city

ভাৰতীয় সেনাৰ চতুৰ্থ কৰ্পছৰ 57 সংখ্যক স্থাপনা দিৱস - 57 সংখ্যক স্থাপনা দিৱস

ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ অধীনস্থ অন্যতম শক্তিশালী কৰ্পছ হৈছে গজৰাজ কৰ্পছ ৷ চীনৰ বিৰুদ্ধে শক্তিশালী ৰূপত ঠিয় হৈ থকা গজৰাজ কৰ্পছ অৰ্থাৎ চতুৰ্থ কৰ্পছে শুক্ৰবাৰে উদযাপন কৰে ইয়াৰ 57 সংখ্যক স্থাপনা দিৱস ৷

চতুৰ্থ কৰ্পছৰ 57 সংখ্যক স্থাপনা দিৱস
author img

By

Published : Oct 5, 2019, 6:58 PM IST

তেজপুৰ, 5 অক্টোবৰঃ ভাৰতীয় সেনাৰ অন্যতম শক্তিশালী কৰ্পছ, গজৰাজ কৰ্পছে উদযাপন কৰে বাহিনীটোৰ 57 সংখ্যক স্থাপনা দিৱস ৷ 1962 চনৰ ভাৰত-চীন যুদ্ধৰ পূৰ্বেই 1961 চনৰ অক্টোবৰ মাহৰ 4 তাৰিখে অসমৰ তেজপুৰত স্থাপনা কৰা হৈছিল গজৰাজ কৰ্পছ অৰ্থাৎ চতুৰ্থ কৰ্পছ ৷ ভাৰতীয় সেনাৰ লেঃ জেঃ বি এম কোলেৰ নেতৃত্বত স্থাপনা কৰা হৈছিল চতুৰ্থ কৰ্পছ ৷ শুকুৰবাৰে ভাৰতীয় সেনাই বাহিনীটোৰ তেজপুৰস্থিত মুখ্যালয়ত উদযাপন কৰে ইয়াৰ 57সংখ্যক স্থাপনা দিৱস ৷

ভাৰত আৰু চীন সীমান্তৰ সুৰক্ষাৰ লগতে অসম তথা অৰুণাচলত বিদ্ৰোহী বিৰোধী আৰু অন্যান্য উন্নয়নমুলক কামত নিয়োজিত হৈ আছে চতুৰ্থ কৰ্পছ ৷ বাহিনীটোৰ অধীনত আছে, মিছামাৰীস্থিত 21 মাউন্টেইন ডিভিজন, বমডিলাস্থিত 5 মাউন্টেইন ডিভিজন আৰু ৰঙিয়াস্থিত 21 মাউন্টেইন ডিভিজন ৷ বৰ্তমানে বমডিলাস্থিত 5 মাউন্টেইন ডিভিজনৰ অধীনত দুটাকৈ মাউন্টেইন ব্ৰীগেড আৰু ৰঙিয়াস্থিত 21 মাউন্টেইন ডিভিজনৰ অধীনত আছে 77 মাউন্টেইন ব্ৰীগেড আৰু 315 ফিল্ড ৰেজিমেন্ট ৷ ইয়াৰ উপৰিও 2010 চনৰ মাজভাগত কৰ্পছৰ অধীনত গঠন কৰা হয় 71 মাউন্টেইন ব্ৰীগেড ৷

তেজপুৰস্থিত চতুৰ্থ কৰ্পছৰ স্মৃতিস্থল
তেজপুৰস্থিত চতুৰ্থ কৰ্পছৰ স্মৃতিস্থল

চতুৰ্থ কৰ্পছৰ অন্যতম কামাণ্ডাৰসকলৰ ভিতৰত অন্যতম আছিল ফিল্ড মাৰ্শ্বাল ছাম মানেকছাও, 1971 চনৰ ভাৰত-পাক যুদ্ধৰ ভেটেৰান লে. জেন. স্বাগত সিং, ভাৰতীয় সেনাৰ উপ-মুখ্যসেনাধ্যক্ষ লে. জেন. (অৱসৰপ্ৰাপ্ত) ডেবৰাজ অনবুকে ধৰি লে. জেন. ওম প্ৰকাশ মালহোত্ৰা, লে. জেন. হৰবক্স সিং আদি ৷ বৰ্তমানে কৰ্পছৰ দায়িত্বত আছে লে. জেন. মনোজ পাণ্ডে ৷

শ্বহীদস্মৃতিস্থলত চ্যেলুটৰত লে. জেন. মনোজ পাণ্ডে

ভাৰত-চীন যুদ্ধৰ সময়ত ভাৰতীয় সেনাৰ বহুকেইটা ব্ৰীগেড ফৰ্মেশ্বন অতিক্ৰম কৰি তেজপুৰলৈ আগবাঢ়ি আহিছিল ৰঙা চীন ৷ সেইসময়ত তেজপুৰস্থিত চতুৰ্থ কৰ্পছে অসাধাৰণ বীৰত্বৰে যুদ্ধত অৱতীৰ্ণ হৈছিল যদিও কৰ্পছে হেৰুৱাইছিল ইয়াৰ অধীনত থকা গোৰ্খা ৰেজিমেন্ট, আৰ্মি এভিয়েশ্বন আৰু মাউন্টেইন ব্ৰীগেডৰ বহু বিষয়া-জোৱানকে ধৰি অন্যান্য সামৰিক সামগ্ৰী তথা যান-বাহন ৷ পৰৱৰ্তী সময়ত 1971 চনৰ ভাৰত-পাক (বাংলাদেশ) যুদ্ধৰ সময়ত চতুৰ্থ কৰ্পছে দেখুৱাইছিল বীৰত্বৰ অসাধাৰণ নিদৰ্শন ৷ এই যুদ্ধৰ সময়তে লে. জেন. স্বাগত সিঙৰ অধীনত গজৰাজ কৰ্পছে দখল কৰিছিল বাংলাদেশৰ ঢাকাৰ মেঘনা হেলি ব্ৰীজ ৷ ভাৰতীয় সেনাৰ Mi-4 হেলিকপ্টাৰৰ সহায়ত প্ৰথমবাৰৰ বাবে ঢাকাত প্ৰৱেশ কৰি পাকিস্তানী সেনাক পৰাভূত কৰিছিল ভাৰতীয় সেনাই ৷

সামৰিক বাৰ্তা প্ৰদানৰ মুহূৰ্তত লে. জেন. মনোজ পাণ্ডে

শুকুৰবাৰে অনুষ্ঠিত হোৱা চতুৰ্থ কৰ্পছৰ 57সংখ্যক স্থাপনা দিৱসত অংশগ্ৰহণ কৰে কৰ্পছ কামাণ্ডাৰ লে. জেন. মনোজ পাণ্ডেৰ লগতে ভাৰতীয় সেনাৰ বহুকেইগৰাকী শীৰ্ষ বিষয়া তথা মুখ্যালয়ত কৰ্তব্যৰত বিষয়া-জোৱানসকলে ৷ চতুৰ্থ কৰ্পছৰ মুখ্যালয়ত থকা শ্বহীদ স্থলত বীৰ জোৱানসকলৰ স্মৃতিত সামৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লে. জেন. মনোজ পাণ্ডে ৷ পৰৱৰ্তী সময়ত বহুটো সাংস্কৃতিক তথা সামৰিক কাৰ্যসূচীও উদযাপন কৰে কৰ্পছে ৷ উল্লেখ্য যে, চতুৰ্থ কৰ্পছৰ কামাণ্ডাৰ তথা ভাৰতীয় সেনাৰ ফিল্ড মাৰ্শ্বাল ছাম মানেকছাওৰ স্মৃতিত তেজপুৰস্থিত মুখ্যালয়ত ভাৰতীয় সেনাই এটি প্ৰেক্ষাগৃহ অৰ্পন কৰে ৷

Intro:
ভাৰতীয় সেনাৰ ৪ৰ্থকৰৰ ৫৭তম প্ৰতিস্থা দিৱস পালন
তেজপুৰ,৫ অক্টোৱৰ : ভাৰতীয় সেনাবাহিনীৰ তোজপুৰ গজৰাজ কৰপচে ৪ অক্টোৱৰ তাৰিখে ৫৭ তম প্ৰতিস্থা দিৱস তোজপুৰত পালন কৰে ৷
তেজপুৰৰ ৪ৰ্থ কৰৰ অৰ্থাত বৰ্তমান গজৰাজ কৰ্পচৰ প্ৰতিস্থা কৰিছিল 1962 ভাৰত - চীন যুদ্ধৰ মাজ ভাগত তেতিয়াৰ সেনা বিষয়া লেঃ জেঃ বি এম কোলে আৰু তেতিয়াৰে পৰা এই কৰ হেডকোৱাটাৰে উগ্ৰপন্থী দমনকে ধৰি বিভিন্ন ঘটনাৰ স্মৃতিৰে আজি বিজৰিত হৈ আছে ৷
Body:আনহাতে 1971 চনত ভাৰত - পাকিস্থান যুদ্ধৰ স্মৃতিও বিজৰিত হৈ আছে এই গজৰাজ কৰপচ বাংলাদেশৰ ঢাকাৰ মেঘনা হেলি ব্ৰিডজ দখল আৰু সেই সময়ৰ লেঃ জেঃ স্বগত সিংৰ দখ্যতাত Mi-4 হেলিকপ্তাৰৰে অতিক্ৰম কৰি প্ঢাৰথম বাৰৰ বাবে ঢকাত প্ৰৱেশ কৰি পাকিস্থানী সৈন্যক পৰাভূত কৰি বিজয় গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছিল ৷

,Conclusion:এই ৫৭তম প্ৰতিস্থা দিৱসত বৰ্তমানৰ লোঃজেঃ মনোজ পাণ্ডেই বীৰ জোৱানৰ য্মৃতিত শ্ৰৰ্ধাঞ্জলী জ্ঞাপনকৰে তেজপুৰ ৪ৰ্থ কৰ্পচৰ কাৰ্যালয়ত ৷
,
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.