ৰঙাপৰা, 8 জানুৱাৰীঃ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচন সমূহে বুধবাৰে ভাৰত বন্ধৰ আহ্বান জনায় ৷ এই আহ্বানৰ প্ৰতি সহাৰি জনাই ৰাজ্যত বন্ধ সৰ্বাত্মক হোৱা পৰিলক্ষিত হয় ৷ অন্যান্য প্ৰান্তৰ দৰে শোণিতপুৰৰ ৰঙাপৰাতো বন্ধৰ প্ৰভাৱ সৰ্বাত্মক হয় ৷
ইপিনে বন্ধৰ সময়ছোৱাত স্বাভাৱিক জীৱন-যাত্ৰা ব্যাহত হোৱা পৰিলক্ষিত হয় ৷ তদুপৰি যান-বাহনৰ চলাচল সম্পূৰ্ণভাৱে বন্ধ থকাত বিমোৰত পৰে একাংশ লোক ৷ ৰঙাপৰাৰ নিকটৱৰ্তী চাহ বাগিচাসমূহতো বন্ধৰ পৰিপ্ৰেক্ষিতত বন্ধ থাকে নিয়মীয়া কাম-কাজসমূহ ৷ দিনৰ ভাগত চি পি আই(এম) দলৰ কৰ্মীসকলে হাতে-হাতে ফেষ্টুন-বেনাৰ আৰু দলীয় ৰঙা পতাকা প্ৰদৰ্শন কৰি চৰকাৰ বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে। স্মৰ্তব্য যে,বন্ধৰ সময়ছোৱাত ৰঙাপৰা ৰে’ল ষ্টেচনৰ পৰা নিয়মীয়া ৰে’ল চলাচল অব্যাহত থাকে ৷
লগতে চাওকঃভাৰত বন্ধ : প্ৰতিবাদত উত্তাল সমগ্ৰ ভাৰত