ETV Bharat / city

অৰুণাচলৰ গ্ৰীনফিল্ড বিমান বন্দৰ অঞ্চলৰ পৰা স্থানান্তৰিত পৰিয়ালক ক্ষতিপূৰণৰ নিৰ্দেশ

author img

By

Published : Oct 26, 2021, 10:17 PM IST

Updated : Oct 26, 2021, 10:51 PM IST

অৰুণাচল প্ৰদেশৰ হলংগীত নিৰ্মীয়মান গ্ৰীনফিল্ড বিমান বন্দৰৰ বাবে স্থানান্তৰিত হৈছিল স্থ‍ানীয় ১৫৬ টা চাকমা পৰিয়াল । পুনৰ সংস্থাপনৰ নামত দিয়া ১৯ কোটি টকাৰ কেলেংকাৰী হোৱাৰ অভিযোগ ।

Greenfield Airport
গ্ৰীনফিল্ড বিমান বন্দৰ

গুৱাহাটী, ২৬ অক্টোবৰ : অৰুণাচলৰ গ্ৰীনফিল্ড বিমান বন্দৰৰ স্থানান্তৰিত পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবে নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে । অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ সমীপৰ পাপুমপাৰে জিলাৰ হলংগীত নিৰ্মীয়মান গ্ৰীনফিল্ড বিমান বন্দৰৰ বাবে স্থানীয় ১৫৬ টা চাকমা পৰিয়াল স্থানান্তৰিত কৰা হৈছিল । স্থানান্তৰিত পৰিয়ালসমূহে তেওঁলোকক ক্ষতিপূৰণ নিদিয়া সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰা কৰিছিল ।

Greenfield Airport
গ্ৰীনফিল্ড বিমান বন্দৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত ১৭/২০২১ নম্বৰৰ এটা গোচৰো ৰুজু কৰা হৈছিল । গোচৰৰ শুনানি গ্ৰহণ কৰি সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে স্থানান্তৰিক পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে গোচৰটোত পাপুমপাৰে জিলাৰ উপায়ুক্তক পক্ষ কৰি লোৱাৰ নিৰ্দেশ দিয়ে । উল্লেখ্য যে, বিমান বন্দৰ নিৰ্মাণৰ বাবে স্থানান্তৰিত হোৱা চাকমা পৰিয়ালসমূহক ক্ষতিপূৰণ তথা পুনৰ সংস্থাপন দিয়াৰ বাবে মঞ্জুৰ কৰা ১৯ কোটি টকাৰ ক্ষেত্ৰতো ব্যাপক কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন কৰিছিল চাকমা স্থানান্তৰিত পৰিয়ালৰ ন্যায় দাবী কমিটীয়ে ।

Guwahati High Court
গুৱাহাটী উচ্চ ন্যায়ালয়

এই কেলেংকাৰীৰ সন্দৰ্ভত কমিটীয়ে বালিজান আৰক্ষী থানাত গোচৰো ৰুজু কৰিছিল । বৰ্তমান সমগ্ৰ বিষয়টো ন্যায়ালয়ৰ মজিয়াত আছে । নিৰ্মীয়মান গ্ৰীনফিল্ড বিমান বন্দৰৰ বাবে স্থানান্তৰিত চাকমা লোকসকল এতিয়া ন্যায়ৰ অপেক্ষাত আছে । প্ৰায় ৬৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিয়মান অৱস্থাত থকা হলংগীৰ গ্ৰীনফিল্ড বিমান বন্দৰৰ কাম ২০২২ চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

লগতে পঢ়ক : বৰফ পৰা আৰম্ভ হৈছে অৰুণাচল প্ৰদেশৰ চেলা পাছত

Last Updated : Oct 26, 2021, 10:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.