ETV Bharat / city

ৰঙাপৰাৰ দৈনিক বজাৰত ধোঁৱাচাঙত ক'ভিডৰ নীতি নিৰ্দেশনা - rangapara covid protocol violation

শোণিতপুৰ জিলাৰ ৰঙাপাৰাত ধোঁৱাচাঙত ক’ভিড প্ৰট'কল ৷ ৰঙাপৰাৰ সাপ্তাহিক বজাৰত ক‘ভিড প্ৰট'কল ভংগ কৰি বজাৰত গ্ৰাহকৰ ভিৰ, নাই কোনো সামাজিক দূৰত্ব ৷

ৰঙাপৰাৰ দৈনিক বজাৰত ধোঁৱাচাঙত ক'ভিডৰ নীতি নিৰ্দেশনা

author img

By

Published : May 30, 2021, 5:42 PM IST

Updated : May 30, 2021, 5:47 PM IST

ৰঙাপৰা, 30 মে' : ৰাজ্যখনত মহামাৰী ক'ভিড সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰা নিয়ম-নীতি ধোঁৱাচাঙত উঠিল শোণিতপুৰৰ ৰঙাপৰাত । কৰ'ণাত আক্ৰান্ত হৈ প্ৰতিদিনে মানুহৰ মৃত্যু হোৱাৰ পাছতো যেন গা লৰা নাই ৰঙাপৰাৰ একাংশ ৰাইজৰ । মহামাৰী কৰ'ণাক লৈ ৰঙাপৰাৰ ৰাইজ কেতিয়া সজাগ আৰু সচেতন হ’ব সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে ।

ৰঙাপৰাৰ দৈনিক বজাৰত ক'ভিড প্ৰট'কল, নিয়ম-নীতি একাংশ লোকে ভৰিৰে মোহাৰি পেলাইছে । শাৰিৰীক দূৰত্বৰ নিয়মৰ কথা পাহৰিয়েই পেলাইছে গ্ৰাহক ৰাইজে । ইফালে ৰঙাপৰাৰ দৈনিক বজাৰত ৰাইজে ভিৰ কৰি তোলাৰ পাছতো জিলা প্ৰশাসন কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ অভিযোগ উঠিছে । কভিড প্ৰট'কল ধোঁৱাচাঙত তোলা, চৰকাৰৰ নতুন নীতি-নিষেধজ্ঞা ভৰিৰে মোহাৰি গ্ৰাহক ৰাইজে এনেদৰে বজাৰ ভিৰ কৰাৰ দৃশ্য সংবাদ মাধ্যমৰ কেমেৰাত বন্দী হয় ৷

ৰঙাপৰাৰ দৈনিক বজাৰত ধোঁৱাচাঙত ক'ভিডৰ নীতি নিৰ্দেশনা

বজাৰখনত এনে পৰিৱেশৰ সূচনা হৈছে যে বহু দিনৰ মূৰত আজিহে যেন বজাৰখন বহিছে । মন কৰিবলগীয়া যে বজাৰলৈ সামগ্ৰী ক্ৰয় কৰিবলৈ অহা প্ৰায় সংখ্যক লোকৰ মুখত নাই মাস্ক আৰু একাংশ লোকে মাস্ক পৰিধান কৰিছে থুতৰিত । সাংবাদিকৰ কেমেৰা দেখাৰ লগে লগে ব্যক্তিসকলে মাস্ক পৰিধান কৰা দেখা গ’ল । ৰঙাপৰাৰ দৈনিক বজাৰত যদি এই পৰিস্থিতি বিৰাজ কৰি থাকে তেন্তে চৰকাৰে দিনৰ ১১ বজাতে লকডাউন কৰাৰ উদ্দেশ্য কি থাকিল ।

ৰঙাপৰা চহৰত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে । দৈনিক বজাৰত এনেদৰে ৰাইজে ভিৰ কৰাৰ পাছতো প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ।

লগতে পঢ়ক : কমাৰকুছিৰ ক'ভিড পৰিস্থিতিৰ বুজ ল'লে বিধায়ক দিগন্ত বৰ্মনে

Last Updated : May 30, 2021, 5:47 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.