তেজপুৰ, 21 ছেপ্টেম্বৰ : কোভিড-19ৰ সংক্ৰমণ অসমত এতিয়া ভয়ানক ৰূপ ধাৰণ কৰিছে আৰু দৈনিক বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা । অসমত এই সংক্ৰমণৰ ফলত 20 ছেপ্টেম্বৰ লৈকে মৃত্যুৰ সংখ্যা 548, আৰু শোণিতপুৰ জিলাত মৃত্যুৰ সংখ্যা হৈছে 14 জন । মৃত্যুৰ হাৰ বৃদ্ধিৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ পৰা যোৱা 28 আগষ্টত জৰুৰী ই-নিবিদাৰ জৰিয়তে অসমত মুঠ 3000 হাজাৰ বডী বেগ (মৃতকৰ শৰীৰ বান্ধিবলৈ) বিচাৰিছে ।
লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাই মিছা কথাও ভালকৈ ক'ব নোৱাৰেঃ উপমন্যু হাজৰিকা
কোভিড-19ত মৃত্যু হোৱা এজন ৰোগীৰ সৎকাৰৰ বাবে অসমৰ প্ৰত্যেক জিলাৰ উপায়ুক্তৰ জৰিয়তে 5 হাজাৰ টকা খৰছ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্তৃপক্ষই ৷ অসমত সকলোকেইখন জিলা সামৰি এই বডী বেগ বিচাৰিছে স্বাস্থ্য বিভাগে ।

শোণিতপুৰ জিলাৰ তেজপুৰ মেডিকেল কলেজৰ কোভিড চেণ্টাৰত বৰ্তমানলৈকে 14 জন লোকৰ মৃত্যু হয় । জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা 5404জন ৷ ইয়াৰ ভিতৰত 4653জন সুস্থ হৈছে আৰু বৰ্তমান 737জন চিকিৎসাধীন হৈ আছে ৷

কিন্তু জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ মতে এই বডী বেগৰ মাজতে নাটনি হৈছিল তেজপুৰ মেডিকেল কলেজত ৷ পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জৰিয়তে এই অভাৱ দূৰ কৰিছে । তেওঁ কয় যে এইটো বৰ বিশেষ কথা নহয় কাৰণ স্থানীয়ভাৱেও এই বেগ নিৰ্মান কৰিব পাৰি যদিও কৰ্তৃপক্ষক এই দায়িত্ব প্ৰদান কৰা হৈছে গতিকে তেওঁলোকেই ইয়াক প্ৰদান কৰিব । কিন্তু এই বডী বেগ বিজ্ঞানসন্মতভাৱে স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি কোনো সুৰুঙা নথকা,এয়াৰ ছিলদ,double sealed, disposable, opaque, white U shape with zip, grips এণ্ড size:2.2x 1.2 Mts হ'ব লাগিব ৷
ৰাজ্যৰ 33খন জিলালৈ এই বেগ প্ৰেৰণ কৰা হ'ব যদিও অধিকাংশ কামৰূপ জিলাত প্ৰয়োজন আছে বুলি জানিব পৰা গৈছে । জানিব পৰা মতে এজন কোভিড ৰোগীৰ মৃত্যু হোৱাৰ পিছত সেই জিলাখনৰ উপায়ুক্তই বহুতো নতুন সমস্যাৰ সন্মুখীন হ'ব লগা হয় আৰু তাৰ বাবে কোভিড ৰোগত মৃত্যু হোৱা লোকৰ বাবে 5000 টকা ব্যয় কৰিব যদিহে পৰিয়ালৰ লোকে মৃতদেহ সৎকাৰ নকৰে আৰু যদিহে চৰকাৰীভাৱে কৰিব লগীয়া হয় তেতিয়া এই খৰছ স্বাস্থ্য বিভাগে বহন কৰিব ।
লগতে পঢ়ক : সংসদত সৰ্থেবাৰীৰ কাঁহ শিল্পৰ ওপৰত আলোকপাত সাংসদ আব্দুল খালেকৰ