তেজপুৰ, 14 এপ্ৰিলঃ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে ডিমাপুৰস্থিত ভাৰতীয় স্থলসেনাৰ স্পেয়াৰ ক’ৰ অৰ্থাৎ থাৰ্ড ক’ৰৰ মুখ্য বিষয়া (জেনেৰেল অফিচাৰ কামাণ্ডিং) লেফটেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাই ৷ ভাৰতীয় স্থলসেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ চীফ অৱ ষ্টাফ লেফ. জেন. কলিতাই অসমবাসীক বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে মণিপুৰবাসীক তেওঁলোকৰ চিয়াৰোবা উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰে ৷
অসমবাসীক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁ মহামাৰী কোভিড-19 ৰ বিষয়ে ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে ৷ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে এই মহামাৰীক প্ৰতিহত কৰিব লাগিব আৰু ইয়াৰ বাবে সেনাবাহিনীয়ে সদায় কাম কৰি যাব বুলি আশ্বাস প্ৰদান কৰে লেফ. জেন. কলিতাই ৷

ভাৰতীয় স্থলসেনাৰ দ্বিতীয় সৰ্বোচ্চ পদবী অৰ্থাৎ 3 Star Rankলৈ উন্নীত হোৱা ৰানা প্ৰতাপ কলিতা হৈছে প্ৰথমগৰাকী অসমীয়া সৈন্য বিষয়া ৷ 1984 চনত 9 কুমাও ৰেজিমেন্টত কমিছন প্ৰাপ্ত কলিতাই পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় ৰাইফলছৰ লগতে ইনফেন্ট্ৰি ব্ৰীগেডৰ কামাণ্ড চম্ভালি লৈছিল আৰু লগতে 9 কুমাও ৰেজিমেন্টৰ মুখ্য বিষয়া হিচাপে নিযুক্ত হৈছিল ৷ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অন্তিম সংস্কাৰৰ কাৰ্যসূচী লেছ. জেন. কলিতাৰ নেতৃত্বতে সম্পন্ন হৈছিল ৷
উল্লেখ্য যে, গোৱালপাৰা সৈনিক স্কুল আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ প্ৰাক্তন শিক্ষাৰ্থী লেফ. জেন. কলিতাই সেনাবাহিনীত আগবঢ়োৱা সেৱাৰ বাবে সেনা মেডেল, বিশিষ্ট সেৱা মেডেল আৰু অতি বিশিষ্ট সেৱা মেডেলৰ দৰে সামৰিক সন্মানেৰে সন্মানিত হৈছে ৷