ETV Bharat / city

শীৰ্ষ স্থলসেনা বিষয়া লেফটেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতালৈ ইউৱাইএছএম সন্মান

author img

By

Published : Jan 26, 2021, 3:02 PM IST

ভাৰতীয় স্থলসেনাৰ শীৰ্ষ বিষয়া তথা ডিমাপুৰস্থিত তৃতীয় ক’ৰ (Spears Corps)ৰ জেনেৰেল অফিচাৰ কামাণ্ডিং লেফটেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতালৈ আগবঢ়োৱা হৈছে উত্তম যুদ্ধ সেনা মেডেল ৷

লেফটেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতা
লেফটেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতা

তেজপুৰ, 26 জানুৱাৰী : ভাৰতীয় সেনাৰ তৃতীয় ক'ৰৰ জিঅ’চি ৰানা প্ৰতাপ কলিতাক গণতন্ত্ৰ দিৱসৰ শুভক্ষণত আগবঢ়োৱা হৈছে উত্তম যুদ্ধ সেনা মেডেল ৷ গণতন্ত্ৰ দিৱসত ভাৰতীয় সেনাৰ তৃতীয় ক'ৰৰ জেনেৰেল অফিচাৰ কামাণ্ডিং লেফটেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাই সন্মান লাভ কৰি নিজ পিতৃ মাতৃ, শিক্ষাগুৰুৰ লগতে অসমবাসীক ধন্যবাদ নিবেদন কৰে ৷ গণতন্ত্ৰ দিৱসৰ দিনা অসমবাসীলৈ অসমীয়া ভাষাত সম্বোধন কৰি তেওঁ ইয়াৰ বাবে গৌৰৱ অনুভৱ কৰা বুলি ব্যক্ত কৰি তেওঁৰ শিক্ষাগুৰু সকলক শ্ৰদ্ধা জনায় । লগতে গণতন্ত্ৰ দিৱসত তৃতীয় ক'ৰৰ সেনা আৰু বিষয়ববীয়া সকলক শুভেচ্ছা জ্ঞাপন কৰে ।

লেফটেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতা
লেফটেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতা

লগতে পঢ়ক : অসমবাসীলৈ বিহুৰ শুভেচ্ছা জ্ঞাপন সেনা বিষয়া ৰানা প্ৰতাপ কলিতাৰ

গণৰাজ্য দিৱসৰ প্ৰাকমূৰ্হুতত দেশৰ সুৰক্ষাৰ দিশত আগবঢ়োৱা বিশেষ বৰঙণিৰ বাবে সেনা বিষয়া-জোৱানসকলক প্ৰদান কৰা সাহসিকতাৰ সন্মান লাভ কৰা তালিকাত স্থান পাইছে অসমৰ তিনিগৰাকীকৈ সেনা বিষয়াই । লেফটেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাৰ উপৰিও লেফটেনেন্ট কৰ্ণেল ৰাজকুমাৰ পল্লৱ গোহাঁয়ে সাহসিকতাৰ বাবে বাৰ টু সেনা মেডেল আৰু অসম ৰাইফলছৰ জোৱান প্ৰণৱ জ্যোতি দাসে লাভ কৰিছে শৌৰ্য চক্ৰ সন্মান ।

লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা বৰ্তমানৰ পদটোত কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী অসমীয়া আৰু উত্তৰ-পূৱৰ দ্বিতীয়গৰাকী সেনা বিষয়া । কলিতা গোৱালপাৰাৰ সৈনিক স্কুলৰ প্ৰাক্তন ছাত্ৰ । ৰঙিয়াৰ প্ৰয়াত শিক্ষক যোগেন কলিতা আৰু ৰেনু কলিতাৰ সন্তান ৰাণা প্ৰতাপ কলিতাই প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অন্তিম সংস্কাৰ যাত্ৰাৰ সমন্বয়ক হিচাপেও দায়িত্ব পালন কৰিছিল ।

ৰানা প্ৰতাপ কলিতালৈ ইউৱাইএছএম সন্মান

1984 চনত ভাৰতীয় সেনাৰ কুমাও ৰেজিমেণ্ট 2nd IC হিচাপে যোগদান কৰe ৰাণা প্ৰতাপ কলিতাই কাশ্মীৰত 13 ৰাষ্ট্ৰীয় ৰাইফলছ, লক্ষ্ণৌত 71 ইনফেণ্ট্ৰি ব্ৰীগেড আৰু কাশ্মীৰৰ বাৰামুলাৰ এল অ’ চিত 19 ইনফেণ্ট্ৰি ডিভিজনকো নেতৃত্ব প্ৰদান কৰিছে । ভাৰতীয় সেনাৰ ‘অতি বিশিষ্ট সেৱা মেডেল’ প্ৰাপ্ত কলিতাই তৃতীয় ক’ৰৰ মুখ্য বিষয়া হিচাপে যোগদান কৰাৰ পূৰ্বে সেনা বাহিনীৰ কলকাতাৰ ফৰ্ট উইলিয়ামৰ ইষ্টাৰ্ণ কামাণ্ডৰ চীফ অৱ ষ্টাফ (চি অ’ এছ) হিচাপে দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিছিল ।

লগতে পঢ়ক : ভাৰতীয় সেনাৰ মেজৰ জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ লেফটেনেন্ট জেনেৰেল পদলৈ পদোন্নতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.