তেজপুৰ, 1 ছেপ্তেম্বৰ: শোণিতপুৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন সভাপতিৰ বিৰুদ্ধে এগৰাকী বিবাহিত মহিলাৰ শ্লীলতা হানি কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি, প্ৰথমেই এটি পুত্ৰ সন্তানৰ মাতৃৰ সৈতে প্ৰেম কৰি নানা প্ৰলোভনৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল ৷ তাৰ পাছেত মহিলা গৰাকীক ধন দাবী কৰাৰ লগতে ব্লেকমেইলিং কৰিছিল তথা-কথিত বিজেপি নেতা গৰাকীয়ে ৷ কেৱল সিমানতেই ক্ষান্ত নাথাকি ভুক্তভোগী মহিলাগৰাকীৰ স্বামীকো প্ৰাণে মৰাৰ ভাবুকিও প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উঠিছে বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে ৷
প্ৰাপ্ত তথ্য মতে, ভুক্তভোগী মহিলা গৰাকীয়ে বিজেপি নেতাগৰাকীৰ অত্যাচাৰ সহিব নোৱৰি আত্মহননৰ চেষ্টাও চলাইছিল ৷ এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে তেজপুৰৰ বাৰিকাচুবুৰী অঞ্চলৰ তথা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন সভাপতি ফাৰজিন হাচানৰ বিৰুদ্ধে ৷ সম্প্ৰতি ভুক্তভোগী মহিলা গৰাকীয়ে, তেজপুৰ আৰক্ষীৰ কাষ চপাৰ লগতে বিৰ্তকিত বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷
লগতে পঢ়কঃ দীৰ্ঘদিনৰ বিৰতিৰ পাছত শিক্ষানুষ্ঠানলৈ যাবলৈ সাজু হৈছে ছাত্ৰ-ছাত্ৰী
ভুক্তভোগী মহিলা গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, অলপতে মহিলাগৰাকীৰ স্বামীক বনবিভাগৰ এক ভুৱা গোচৰত সাঙুৰি বিৰ্তকিত বিজেপি নেতা ফাৰজিন হাচানৰেই গ্ৰেপ্তাৰ কৰোৱাইছিল ৷ আনহাতে মহিলা গৰাকীৰ বিতৰ্কিত ফটো সামাজিক মাধ্যমত প্ৰচাৰ কৰি দিয়াৰ ভাবুকি দি প্ৰায় ডেৰ লক্ষাধিক টকা মহিলাগৰাকীৰ পৰা সংগ্ৰহ কৰা বুলি ভুক্তভোগী মহিলা গৰাকীয়ে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৷
সম্প্ৰতি ভুক্তভোগী মহিলা গৰাকীৰ এজাহাৰৰ ভিত্তিত তেজপুৰ আৰক্ষীয়ে তেজপুৰ সদৰ থানাত গোচৰ নং ১৮৪০/২১, Under section ৩৭৬/৩৫৭(চি)/২৯৪/৫০৬ IPC ৰ অধীনত এটা গোচৰ ৰূজু কৰি ফাৰজিন হাচানৰ বিৰূদ্ধে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ চাইবৰ ৰহমানৰ সম্পত্তি দেখি স্তম্ভিত অভিযানকাৰী বিষয়া