তেজপুৰ, 2 ছেপ্তেম্বৰঃ তেজপুৰৰ পৰ্বতীয়াৰ শইকীয়া চুবুৰীত ভয়ংকৰ অগ্নিকাণ্ড। জুইৰ লেলিহান শিখাই নিমিষতে ধ্বংসস্তূপত পৰিণত কৰিলে দুটাকৈ পৰিয়ালৰ বাসগৃহ ৷ জগন্নাথ বৰা নামৰ লোকজনৰ ঘৰৰ পৰা সূত্ৰপাত হয় জুইৰ ৷ জুইৰ ধোঁৱা দেখা পাই আগবাঢ়ি আহে অঞ্চলটোৰ কেইবাগৰাকীও মহিলা ৷ তাৰ পাছতেই গাঁৱৰ ৰাইজ লগ হৈ জুই নুমুওৱাৰ চেষ্টা কৰে যদিও জুইৰ শিখাই আৱৰি ধৰে দুটাকৈ বাসগৃহ ৷
আনহাতে যথা সময়ত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও সম্পূৰ্ণৰূপে ভস্মীভূত হয় জগন্নাথ বৰা আৰু হৰি বৰা নামৰ দুগৰাকী লোকৰ বাসগৃহ ৷