ETV Bharat / city

প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতীৰ বাসগৃহত আৰক্ষীৰ তদন্ত অভিযান

author img

By

Published : Apr 10, 2019, 9:45 PM IST

শোণিতপুৰৰ ৰঙাপাৰাৰ প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতীৰ বাসগৃহত চলোৱা আৰক্ষীৰ আৰক্ষীৰ তালাচী অভিযানক লৈ অসন্তুষ্ট কংগ্ৰেছ কৰ্মী । একাংশ ৰাজনৈতিক দল আজি হতাশ হৈ এনেদৰে প্ৰশাসনৰ সহায় লোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কংগ্ৰেছ কৰ্মীসকলৰ ।

etv bharat

ৰঙাপাৰা, ১০ এপ্ৰিলঃ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বুধবাৰে শোণিতপুৰৰ ৰঙাপাৰাৰ প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতীৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান । ৰঙাপৰাৰ ১ নং নামনিগাঁওস্থিত বিধায়কগৰাকী বিধায়কগৰাকী বাসগৃহত আৰক্ষীয়ে অভিযান চলাই যদিও আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম নহয় কোনোধৰণৰ আপত্তিজনক সামগ্ৰী ।ইফালে, আৰক্ষীৰ এই অভিযানক লৈ ক্ষোভিত হৈ পৰে ৰঙাপাৰা কংগ্ৰেছ কৰ্মীসকল ।

প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতীৰ বাসগৃহত আৰক্ষীৰ তদন্ত অভিযান

এই ঘটনাৰ সন্দৰ্ভত কংগ্ৰেছৰ কেইবাগৰাকীও কংগ্ৰেছ কৰ্মীয়ে নিজ নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছ । কংগ্ৰেছ কৰ্মী ভিক্টৰ মমিনে এই সন্দৰ্ভত কয় যে, একাংশ ৰাজনৈতিক দল আজি হতাশ হৈ এতিয়া প্ৰশাসনৰ আশ্ৰয় লৈছে । প্ৰশাসনৰ যদি সাহস আছে তেনেহ'লে বিজেপিৰ বিধায়কসকলৰ বাসগৃহতো চলাওক তালাচী ।

ইয়াৰোপৰিও, জিলা প্ৰশাসনে প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতীৰ ৰঙাপৰাত থকা বাসগৃহত যিদৰে তালাচী চলালে ঠিক তেনেদৰে ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংঘাল, বৰছলাৰ বিধায়ক গণেশ লিম্বুৰ বাসগৃহতো তালাচী চলাওক বুলি মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক কাৰ্তিক কুৰ্মীয়ে ।

Intro:ৰঙাপৰাৰ প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতীৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযানঃ কংগ্ৰেছৰ গৰিহণা।Body:ৰঙাপৰাঃ শোণিতপুৰৰ ৰঙাপৰাত আজি হঠাৎ আৰক্ষী প্ৰশাসনে চলাই তালাচী অভিযান ৷ ৰঙাপৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতীৰ বাসগৃহতচলে আৰক্ষীৰ অভিযান। ৰঙাপৰাৰ ১ নং নামনিগাঁওত থকা তাঁতীৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলায় যদিও অবৈধ ভাৱে ৰখা কোনো ধৰণৰ সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম নহল। উক্ত ঘটনাত ৰঙাপৰা কংগ্ৰেছ কৰ্মী সকল ক্ষোভিত হৈ পৰে ৷ কংগ্ৰেছৰ কৰ্মী ভিক্টৰ মমিনে কয় যে একাংশ ৰাজনৈতিক দল আজি হতাশ হৈ প্ৰশাসনৰ আশ্ৰয় লৈছে। প্ৰশাসনৰ যদি সাহস আছে তেতিয়া হলে বিজেপি দলৰ বিধায়ক সকলৰ ঘৰত তালাচী চলাওক। অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক কাৰ্তিক কুৰ্মীয়ে কয়- জিলা প্ৰশাসনে প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতীৰ ৰঙাপৰাত থকা বাসগৃহত যিদৰে তালাচী চলালে ঠিক তেনেদৰে ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংঘাল, বৰছলাৰ বিধায়ক গণেশ লিম্বুৰ বাসগৃহত তালাচী চলাওক। প্ৰায়েই তলা মৰা থকা প্ৰাক্তন বিধায়ক গৰাকীৰ বাসগৃহত ৰঙাপৰা আৰক্ষীয়ে এইদৰে তালাচী চলোৱাৰ কাৰ্যত তেখেতে কঠোৰ ভাষেৰে গৰিহণা দিয়ে।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.