ৰঙাপৰা, 15 মে' : কৰ’ণাৰ আতংকৰ মাজতে বৃহস্পতিবাৰে নগাঁও জিলাৰ বঢ়মপুৰত 18 টাকৈ হাতীৰ মৃতদেহ উদ্ধাৰৰ পাছত সৰ্বত্ৰে প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ তাৰ মাজতে শোণিতপুৰ জিলাৰ ৰঙাপৰাত দীৰ্ঘদিনৰ পৰা বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে ।
বনৰীয়া হাতীৰ উপদ্ৰৱৰ সমস্যাটি আজিকোপতি সমাধান নোহোৱাত স্থানীয় ৰাইজ অতিষ্ঠ হৈ পৰিছে । ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত নামগাঁও চাহ বাগিচাত শুকুৰবাৰে নিশা এটা বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত প্ৰৱেশ কৰে । বনৰীয়া হাতীটোৰ বাবে চাহ বাগিচাখনৰ ৰাইজে উজাগৰী নিশা কটাবলগীয়া হয় ।
ইফালে বনৰীয়া হাতীটোৱে চাহ বাগিচাখনৰ ২২ নং শ্ৰমিক লাইনৰ জয়ৰাম দাস, লবিন্দৰ দাস আৰু অক্ষয় দাসৰ বাসগৃহ কেইটা ভাঙি পেলায় । কৰ’ণা মহামাৰীৰ আতংকৰ মাজতে বনৰীয়া হাতীটোৱে নামগাঁও চাহ বাগিচাখনত এক প্ৰকাৰৰ ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হয় ৷
লগতে পঢ়ক : দিনযোৰা কাৰ্যসূচীৰে তিনিচুকীয়াত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা