ETV Bharat / city

প্ৰহশনত পৰিনত শোণিতপুৰৰ সৌভাগ্য আঁচনি - শোণিতপুৰ জিলা

এতিয়াও উন্মুক্ত হৈ পৰি ৰৈছে বিদ্যুতৰ খুঁটা

প্ৰহশনত শোণিতপুৰৰ সৌভাগ্য আঁচনি
author img

By

Published : Mar 16, 2019, 11:23 PM IST

ৰঙাপাৰা, ১৬ মাৰ্চঃ কেৱল বিজ্ঞাপনতে আবদ্ধ চৰকাৰী আঁচনি ৷ শোণিতপুৰত এতিয়া প্ৰহশনত পৰিনত হৈছে সৌভাগ্য আঁচনি ৷

জিলাখনৰ বৃহত্তৰ ৰঙাপাৰাত এতিয়াও উপেক্ষিত হৈ আছে গ্ৰাম্য অঞ্চলৰ ৰাইজ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰাম্য বৈদ্যুতিকীকৰণৰ বাবে মুকলি কৰা সৌভাগ্য আঁচনিৰ নামত ঠিকাদাৰৰ অবাধ লুন্ঠনৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসী ৰাইজে ৷

ৰঙাপাৰা আৰক্ষী থানাৰ অন্তৰ্গত ভেলুৱাটাৰ পগলাবিল গাঁওত এতিয়াও হোৱা নাই সম্পুৰ্ণ বৈদ্যুতিকীকৰণ ৷ বিভাগীয় কৰ্তৃপক্ষই গাঁওখনত বিদ্যুতৰ খুঁটা পুতিয়েই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ আনকি বহু স্থানত বিদ্যুতৰ খুঁটাৰ নামটো সাধাৰণ জনতাক মাধমাৰ শোধাইছে একাংশ ঘোচখোৰ ঠিকাদাৰ তথা চৰকাৰী বিষয়াই ৷ ফলত একাংশ গাঁওবাসীয়ে ভয়ংকৰ তথা বিপদজ্জনকভাৱে বাঁহৰ খুটাৰে বিদ্যুৎপৰিবাহী তাঁৰ আনি নিজ গৃহত সংযোগ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

প্ৰহশনত শোণিতপুৰৰ সৌভাগ্য আঁচনি

কেন্দ্ৰীয় চৰকাৰে কোটি টকা খৰচ কৰি গাঁৱে গাঁৱে বিদ্যুৎ লাভ কৰাৰ কথা কৈ আহিছে যদিও এতিয়াও এনেদৰে একাংশ ঠিকাদাৰ তথা বিষয়াই শৰাধ কৰি আহিছে চৰকাৰী আঁচনিৰ নামত অহা এক বৃহৎ পৰিমানৰ ধন ৷

Sulg-- শোণিতপুৰৰ ৰঙাপৰাত সৌভাগ্য আঁচনিৰ পৰা বঞ্চিত ৰাইজঃ কেৱল বিজ্ঞাপনত আবদ্ধ চৰকাৰী আঁচনি

তেজপুৰ --শোণিতপুৰৰ ৰঙাপৰাত সৌভাগ্য আঁচনিখনৰ পৰা আজিও উপকৃত নহল গ্ৰাম্য অঞ্চলৰ ৰাইজ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ সৌভাগ্য আঁচনিখন কেৱল বিজ্ঞানপনতহে আবদ্ধ হৈ থাকিল। উদাহৰণ স্বৰূপে ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ভেলুৱাটাৰ পগলাবিল গাঁৱত বিদ্যুৎ সংযোগ সম্পূৰ্ণ ভাৱে ৰূপায়ণ হোৱা নাই। বিভাগীয় কৰ্তৃপক্ষই গাঁওখনত বিদ্যুতৰ খুটা পুতিয়েই দায়িত্ব সামৰিলে। যাৰ ফলত গাঁওখনৰ গ্ৰাহক ৰাইজে বিপদ সংকূল ভাৱে বাঁহৰ খুঁটা পুতি বিদ্যুৎ তাৰ আনি ঘৰত বিদ্যুৎ সংযোগ কৰিবলগীয়া হৈছে। বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰৰ কৰ্তব্যৰ গাফিলতিৰ পৰিণতিতে আজিও বাস্তৱত সফল নহল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৌভাগ্য আঁচনি। কেন্দ্ৰীয় চৰকাৰখনে গ্ৰাম্য অঞ্চলত প্ৰত্যেক ৰাইজে বিদ্যুৎ লাভ কৰি অহা বুলি ঢাক-ঢোল বজাই আহিছে যদিও বাস্তৱত ই যে এক প্ৰহসনহে--- সেয়া ৰঙাপৰাৰ ভেলুৱাটাৰ পগলাবিল গাঁওখনৰ ছবিয়ে প্ৰকৃত তথ্য উদঙাই দিছে।
Bite 2

To be cont....
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.