তেজপুৰ, ১১ এপ্ৰিল : অৰুণাচল প্ৰদেশৰ চিজুছাৰ পাকে টাইগাৰ ৰিজাৰ্ভৰ অতিথিশালাত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ ২০ সংখ্যক সভা ৷ সভাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে(Union Cabinet Minister Bhupinder Yadav) ৷ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিশাল জৈৱ বৈচিত্ৰ আৰু ৮০ শতাংশ বনভূমিৰে পৰিপূৰ্ণ বনজ সম্পদসমূহক জনসাধাৰণৰ সহযোগত সংৰক্ষণৰ আহ্বান জনায় ।

মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশৰ উন্নয়নে গতি লাভ কৰিছে বুলি উল্লেখ কৰি অৰুণাচলৰ বিকাশৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী প্ৰতিশ্ৰুতিবদ্ধ বুলি সদৰি কৰে । ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকাৰীৰ(National Tiger Conservation Authority) বৈঠকত দেশৰ ৫২টা ব্যাঘ্ৰ প্ৰকল্পৰ ভিতৰত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা ১৪টা ব্যাঘ্ৰ প্ৰকল্পৰ পুঁজি আৱণ্টন, জৈৱ বৈচিত্ৰৰ লগতে উন্নয়নৰ দিশটো পৰ্যালোচনা কৰা হয় ।
কেন্দ্ৰীয় পৰিৱেশ, বন আৰু বতৰ সলনি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অশ্বিনী কুমাৰ চৌবে, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু(Arunachal Pradesh CM Pema Khandu), অৰুণাচল প্ৰদেশৰ পৰিৱেশ আৰু বনমন্ত্ৰী মামা নাটুং প্ৰমুখ্যে বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰা সভাৰ উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু বতৰ সলনি দপ্তৰৰ সঞ্চালক প্ৰধান আৰু বিশেষ সচিব চন্দ্ৰ প্ৰকাশ গোৱালাই প্ৰথমবাৰৰ বাবে দিল্লীৰ বাহিৰত অৰুণাচল প্ৰদেশৰ পাকে ব্যাঘ্ৰ ৰিজাৰ্ভৰ অতিথিশালাত অনুষ্ঠিত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকাৰীৰ ২০ সংখ্যক সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ।

অৰুণাচল প্ৰদেশৰ পাছিঘাটত আৰম্ভ হোৱা এয়াৰ গান সমৰ্পণ কাৰ্যসূচীৰ পিছতে ৰাজ্যখনৰ মুঠ ২,২০০ টা এয়াৰ গান চৰকাৰৰ ওচৰত জমা দি চিকাৰ কাৰ্যৰ এক প্ৰকাৰ সমৰ্পণৰ আৰম্ভণি কৰে । পাকেত অৰুণাচল প্ৰদেশৰ লোকনৃত্য পৰিৱেশন কৰা উদ্বোধনী সভাত মুঠ ৮২ টা এয়াৰ গান সমৰ্পণ(Air Gun Surrender Abhiyan at Pakke Tiger Reserve) কৰাসকলৰ কেইজনমানক কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে বন বিভাগৰ হৈ প্ৰশংসা পত্ৰ প্ৰদান কৰে । উদ্বোধনী অনুষ্ঠানত জ্যেষ্ঠ বন বিষয়া অভিনৰ কুমাৰে অৰুণাচল প্ৰদেশৰ বনভূমিৰ খতিয়ান দাঙি ধৰে ।
লগতে পঢ়ক : Assamese youth joining ULFA I: আলফাত যোগদানৰ বাবে যোৱা বৰপেটাৰ এজন যুৱকক আটক