ETV Bharat / city

গুৱাহাটীত ইষ্টাৰ্ণ কামাণ্ডাৰ আৰু বি এছ এফৰ মুৰব্বীৰ সুৰক্ষা বৈঠক

গুৱাহাটীত 6 অক্টোবৰৰ পৰা অনুষ্ঠিত হয় ভাৰতীয় সেনা বাহিনী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ সুৰক্ষা সন্মিলন বৈঠক(Eastern Command and BSF chief's meeting at Guwahati) ৷ সন্মিলনৰ অংশগ্ৰহণ কৰে ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতা ৷

Eastern command army
গুৱাহাটীত ইষ্টাৰ্ণ কামাণ্ডৰ আৰু বি এছ এফৰ মুৰব্বীৰ সুৰক্ষা বৈঠক সম্পন্ন
author img

By

Published : Oct 7, 2022, 8:07 PM IST

তেজপুৰ, ৭ অক্টোবৰ: গুৱাহাটীত অনুষ্ঠিত ভাৰতীয় সেনা বাহিনীৰ আৰু সীমান্ত সুৰক্ষা বাহিনীৰ(বিএছএফ) গুৰুত্বপূৰ্ণ সুৰক্ষা সন্মিলন বৈঠকখন শুকুৰবাৰে সামৰণি পৰে (Eastern Command and BSF chief's meeting at Guwahati) ৷ এই সন্মিলনৰ অন্তিম দিনা অংশগ্ৰহণ কৰে ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতাই (Lt General Rana Pratap Kalita) ৷

গুৱাহাটীস্থ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাতে সদৰী কৰা অনুসৰি, সন্মিলনৰ সেনা বিষয়াৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল লেফটেনেণ্ট জেনেৰেল কে চি পঞ্চনাথন, এ ভি এছ এম, জি অ’ চি ১০১ ৷ আনহাতে বিএছএফৰ দলটোৰ নেতৃত্বত আছিল আই জি, এইচ কিউ এছ ডি জি, ইষ্টাৰ্ণ কমাণ্ডৰ এছ ডিকে শৰ্মা ।

সন্মিলনৰ সময়ত কাৰ্যকৰী প্ৰস্তুতিৰ সাধাৰণ বিষয় আৰু সীমা ব্যৱস্থাপনাৰ সমসাময়িক প্ৰত্যাহ্বানসমূহৰ ওপৰত সক্ৰিয়ভাৱে আলোচনা কৰা হৈছিল । দুয়োটা বাহিনী পৰস্পৰে পৰস্পৰৰ সিদ্ধান্ত আৰু পদ্ধতিৰ অংশীদাৰ বুলি বিবেচিত হয় ৷ তেওঁলোকে লগতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি হ্ৰাস কৰাৰ বাবে উমৈহতীয়া বুজাবুজি আৰু পৰিকল্পনা বিকশিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক: অৰুণাচল প্ৰদেশৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ শ্বহীদ পাইলটক সেনাৰ শেষ শ্ৰদ্ধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.