তেজপুৰ,২৪ এপ্ৰিল : মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে এতিয়া বন্ধ হৈ আছে সমগ্ৰ দেশৰ শিক্ষানুষ্ঠান সমূহ ৷ কিন্তু তাৰ মাজতে ইতিমধ্যে চৰকাৰে শিক্ষাৰ্থীসকলক অনলাইন যোগে পাঠ দান দিয়াৰ প্ৰচেষ্টা হাতত লৈছে ৷ চৰকাৰৰ সমান্তৰালভাৱে সেনাবাহিনীৰ তৰফৰ পৰাও লোৱা হৈছে প্ৰশংসনীয় পদক্ষেপ ৷ দেশৰ ভিন্ন প্ৰান্তত বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে দুৱাৰ মুখতে শিক্ষা দিয়াৰ কথা জানিবলৈ দিছে সেনাৰ তেজপুৰস্থিত প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেঃ কৰ্ণেল হৰ্ষ বৰ্ধন পাণ্ডেয়ে ৷ লেঃ কৰ্ণেল হৰ্ষ বৰ্ধন পাণ্ডেয়ে মন্তব্য কৰি কয় যে, ভাৰতীয় সেনাবাহিনীৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি এনে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ছাত্ৰ-ছাত্ৰী সকলৰ নতুন একাডেমিক বৰ্ষ আৰম্ভণিৰ সময়তে CBSEৰ পাঠদান স্থবিৰ হৈ পৰাৰ বাবে সেনাবাহিনীৰ আৰ্মি পাব্লিক স্কুল লিকাবালিত লোৱা হৈছে পদক্ষেপ ৷
অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ধেমাজি জিলাৰ কাষৰীয়া লিকাবালিত সেনাই ই-লাৰ্নিংৰ যোগেদি দুৱাৰ মুখতে পাঠ গ্ৰহণৰ সুবিধা প্ৰদান কৰাৰ প্ৰয়াস কৰিছে ৷ কণ-কণ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে অভিভাৱক সকলকো এই ভিজুৱেলচ পাঠ গ্ৰহণৰ বাবে হেল্প ডেস্কৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ইপিনে ভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই ধৰণৰ কৌশল অতি নতুন যদিও বৰ্তমানৰ COVID-১৯ ৰ বাবে অব্যাহত থকা লক ডাউনৰ সময়ত এনে কৌশলে ছাত্ৰ ছাত্ৰীক যথেষ্ট পৰিমাণে উপকৃত কৰিব পাৰিব বুলি মন্তব্য কৰে সেনাৰ তেজপুৰস্থিত প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেঃ কৰ্নেল হৰ্ষ বৰ্ধন পাণ্ডেয়ে ৷
লগতে পঢ়কঃই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ ৰঙিয়াৰ কৃষকলৈ সকাহ কৃষি বিভাগৰ