তেজপুৰ, 22 জুন : অৰুণাচল প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰী আলো লীবাঙে ভাৰত-চীন সীমান্তত ভাৰতীয় সেনাৰ যি অতিৰিক্ত বাহিনী মোতায়েন কৰিব তাক লৈ সম্পূৰ্ণৰূপে সহায় কৰিবৰ বাবে সাজু বুলি জানিব দিয়ে । স্থানীয় সংবাদ মাধ্যমৰ যোগেদি লীবাঙে এই মন্তব্য কৰে যে, ইতিমধ্যে তেওঁৰ সমষ্টিৰ অৰুণাচল প্ৰদেশৰ সীমাত উপস্থিত হ'বলগীয়া ভাৰতীয় সেনা আৰু অতিৰিক্ত সুৰক্ষা বাহিনীৰ সহায় কৰিবৰ বাবে জিলাৰ বিষয়াক নিৰ্দেশ জাৰি কৰিছে ।
![অৰুণাচল প্ৰদেশৰ চীনা সীমান্ত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7725353_img-20200622-wa0007.jpg)
অৰুণাচল প্ৰদেশৰ পূব দিশত দিবাং ভেলী, য়িংকিয়াং আদি অতি দুৰ্গম অঞ্চলত অৱস্থিত সেনাৰ ঘাটিত উপস্থিত হোৱাৰ বাবে যাতে কোনো অসুবিধা সৃষ্টি নহয় তাৰ বাবে সমষ্টিৰ লোকসকলক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায় লীবাঙে । উল্লেখযোগ্য যে প্ৰদেশখনৰ সীমান্ত সংযোগী দুখন অতি গুৰুত্বপূৰ্ণ দলঙৰ কাম ইতিমধ্যেই সম্পূৰ্ণ হৈ উঠিছে যাৰ বাবে সেনাৰ যানবাহন যোৱাত সুগম হৈছে ।
![অৰুণাচল প্ৰদেশত ভাৰতীয় বায়ুসেনাৰ চিনুক হেলিকপ্টাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7725353_img-20200622-wa0008.jpg)
আনহাতে প্ৰতিৰক্ষা বিভাগে উত্তৰ পূৰ্বাঞ্চলৰ এই সীমান্তলৈ তাৎক্ষণিকভাৱে পদক্ষেপ ল'বলৈ বায়ু সেনাৰ ঘাটিত যুঁজাৰু হেলিকপ্টাৰ আপাচি, চিনুক আৰু মালবাহী বিমান সাজু হৈ আছে । সোমবাৰে বিয়লি ইতিমধ্যেই বায়ুসেনা বাহিনীৰ বয়িং বিমান উত্তৰ পূৰ্বাঞ্চলত উপস্থিত হয় । অৰুণাচল প্ৰদেশত বায়ুসেনাৰ মুঠ 8খন এডভান্স লেংডিং গ্রাউণ্ড বৰ্তমান সাজু হৈ আছে আৰু ইয়াৰ পৰাই চীনৰ গতি-বিধি নিৰীক্ষণ কৰি থকা হৈছে ।
![চীনা সীমান্তৰ দুৰ্গম অঞ্চলত সেনাৰ ঘাটি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7725353_img-20200622-wa0006.jpg)
উল্লেখ্য যে বিগত 15 জুনত ভাৰত-চীন সেনাৰ মাজত লাডাখৰ গালৱানত এক মুখামুখি সংঘৰ্ষৰ সৃষ্টি হৈছিল ৷ এই সংঘৰ্ষত ভাৰতীয় স্থলসেনাৰ 16 বিহাৰ ৰেজিমেন্টৰ কামাণ্ডিং বিষয়া কৰ্ণেল সন্তোষ বাবুকে ধৰি 20 গৰাকী জোৱান শ্বহীদ হৈছিল ৷ ইয়াৰ পিচতেই দুয়োখন দেশৰ মাজত একপ্ৰকাৰে যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হয় ৷ ইয়াকে লৈ দুয়োখন দেশেই সীমান্তত অতিৰিক্ত বাহিনী মোতায়েন কৰে ৷
1962 চনৰ ভাৰত-চীন যুদ্ধৰ পিচত 1975 চনত অৰুণাচলত পুনৰবাৰ মুখামুখি হৈছিল ভাৰতীয় সেনা ৷ সেই সময়ত চীনা সৈন্যৰ গুলিত শ্বহীদ হৈছিল আছাম ৰাইফলছৰ চাৰিজনকৈ ৰাইফলমেন ৷ শেহতীয়া পৰিস্থিতি পূৰ্বৱৰ্তী পৰিস্থিতিতকৈ সম্পূৰ্ণ পৃথক আৰু চীনে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় স্তৰত ইয়াৰ বাবে সমালোচনাৰ সন্মুখীন হোৱাৰ লগতে বিশ্বৰ বহুকেইখন আগশাৰীৰ দেশে ভাৰতৰ সপক্ষে মতামত প্ৰদান কৰিছে ৷ এনে অৱস্থাত অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলটো ভাৰতীয় সেনাই ইয়াৰ গতিবিধি বৃদ্ধি কৰি তুলিছে ৷
লগতে পঢ়কঃ ভাৰত-চীনৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখা: জেনেৰেল ডি এছ হোদা(অৱসৰপ্ৰাপ্ত)