ETV Bharat / city

টাৱাং ছেক্টৰত আইটিবিপিৰ নিৰাপত্তা সন্দৰ্ভত বিশেষ সাক্ষাৎকাৰ - ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্ত

ভাৰত-তিব্বত সীমান্ত আৰক্ষী চমুকৈ আইটিবিপিয়ে টাৱাং ছেক্টৰত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত লাভ কৰা নিৰাপত্তা এলাৰ্টৰ পিচতেই সষ্টম হৈ পৰিছে বাহিনীটো ৷ স্থলসেনাৰ তেজপুৰস্থিত গজৰাজ ক’ৰৰ জিঅচি লেফটেনেণ্ট জেনেৰেল শান্তনু দয়ালে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে । সমগ্ৰ নিৰাপত্তাৰ দিশটো সন্দৰ্ভত আইটিবিপিৰ ডিআইজি জিচি পুৰোহিতৰ সৈতে ইটিভি ভাৰতৰ এক সাক্ষাৎকাৰ ৷

টাৱাং ছেক্টৰত আইটিবিপিৰ নিৰাপত্তা সন্দৰ্ভত বিশেষ সাক্ষাৎকাৰ

author img

By

Published : Dec 26, 2020, 7:32 PM IST

Updated : Dec 26, 2020, 8:20 PM IST

তেজপুৰ, 26 ডিচেম্বৰ : দেশৰ নিৰাপত্তা সুনিশ্চিত কৰাত প্ৰৱল শীতৰ মাজতে সামৰিক বাহিনীৰ সমান্তৰাল কৈ ভাৰত তিব্বত সীমান্ত আৰক্ষী আইটিবিপিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷ ভাৰত-চীন সীমান্তৰ নিৰাপত্তাৰ দায়িত্বত থকা বাহিনীটোৱে অৰুণাচল প্ৰদেশৰ টাৱাংৰ বিভিন্ন ঠাইত লাভ কৰা নিৰাপত্তা ভাবুকিৰ পিচতেই শক্তিশালী কৰি তুলিছে সুৰক্ষা বেষ্টনী । লাডাখত চীনা সৈন্যক ভালকৈ এসেকা দিয়াৰ পিচত এতিয়া শীতৰ সময়ত টাৱাং সীমান্ততো সম্পূৰ্ণৰূপে সাজু হৈছে বাহিনীটো ৷ তেজপুৰস্থিত স্থলসেনাৰ চতুৰ্থ ক’ৰ অৰ্থাৎ গজৰাজ ক’ৰৰ কামাণ্ডাৰ লেফ. জেন. শান্তনু দয়ালে সমগ্ৰ অঞ্চলটোৰ নিৰাপত্তাৰ ক্ষেত্ৰত আইটিবিপিক সষ্টম হৈ থাকিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে ৷

সীমান্তৱৰ্তী এলেকাৰ সুৰক্ষা সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে তেজপুৰস্থিত আইটিবিপিৰ সীমান্তৱৰ্তী এলেকাৰ দায়িত্বত থকা ডিআইজি জিচি পুৰোহিতে এক সাক্ষাৎকাৰত মিলিত হয় ৷ এই সাক্ষাৎকাৰত বিষয়াগৰাকীয়ে জনায় যে, সীমান্তৰ সকলো অঞ্চলত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আইটিবিপিৰ জোৱান সষ্টম হৈ আছে ৷ যি সময়ত পূব লাডাখৰ অঞ্চলত চীনা সৈন্যৰ লগত ভাৰতীয় সৈন্যবাহিনী মুখামুখি হৈছিল সেই সময়ৰ পৰা উত্তৰ দিশত টাৱাংৰ সীমান্তত বাহিনীটোৰ বহুকেইটা কোম্পানী অতিৰিক্তভাৱে মোটায়েন কৰিছিল । পুৰোহিতৰ মতে সষ্টম হৈ থকাৰ ক্ষেত্ৰত এয়া কোনো নতুন কথা নহয় । কিন্তু সামগ্ৰিকভাৱে যাতায়তৰ যথেষ্ট পৰিমাণে উন্নত হৈছে আৰু এনে অৱস্থাত প্ৰতিটো মুহূৰ্তত সাৱধান হৈ থকাটো জৰুৰী ৷ পুৰোহিতে বৰ্তমান সময়ত সীমান্তৰ পাৰ্শ্বৱৰ্তী ঠাইসমূহ পৰিদৰ্শন কৰিছে ৷ টাৱাং ছেক্টৰৰ ভাৰত তিব্বত সীমান্তৰ পশ্চিম দিশত থকা লুমলা আৰু ই অতি স্পৰ্শকাতৰ অঞ্চল বুলি বিবেচিত ৷ ১৯৫৯ চনৰ পিছত এই সীমান্তৰেই দালাই লামাই ভাৰতত প্ৰৱেশ কৰিছিল ।

টাৱাং ছেক্টৰত আইটিবিপিৰ নিৰাপত্তা সন্দৰ্ভত বিশেষ সাক্ষাৎকাৰ

উল্লেখ্য যে, নিয়ন্ত্ৰণ ৰেখাৰ নিৰাপত্তাত আইটিবিপিৰ জোৱানসকলে জিৰ' পইণ্টৰ নিচেই কাষ পায়, যি ঠাইৰ পৰা চীনা পথবোৰ দেখা পোৱা যায় । এই অঞ্চলত ভাৰতীয় পক্ষৰ পৰা আন্তঃগাঁঠনি উন্নয়নৰ বাবে অনুমতি দিয়া হৈছে আৰু এতিয়া তেওঁলোকে টাৱাং ছেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ জিৰ' পইণ্টৰ নিচেই কাষলৈ যোৱাৰো অনুমতি লাভ কৰিছে । ভাৰতীয় সশস্ত্ৰ বলৰ বাহনো নিয়ন্ত্ৰণ ৰেখাৰ প্ৰায় ১০০ মিটাৰ দূৰত্বত দেখা পোৱা গৈছে । শেহতীয়াকৈ বহুতো কাম সম্পূৰ্ণ কৰা হৈছে সীমান্তত । সেনাৰ বাহনে নিয়ন্ত্ৰণ ৰেখাৰ নিচেই কাষলৈ আহিবলৈ অনুমতি লাভ কৰাৰ বাবে যিকোনো আকস্মিক আক্ৰমণৰ সময়ত ভাৰতৰ পক্ষৰ পৰা প্ৰত্যুত্তৰ দিয়াত সহায় কৰিব । ১৯৬২ৰ যুদ্ধৰ সময়ত টাৱাং ছেক্টৰ উত্তৰ-পূৱৰ ভিতৰতে আটাইতকৈ স্পৰ্শকাতৰ ছেক্টৰ হিচাপে বিবেচিত হৈছিল । চীনা সৈন্যই সীমান্তৰে প্ৰৱেশ কৰি ভাৰতৰ বহু ঠাই আক্ৰমণ কৰিবলৈ সক্ষম হৈছিল । কিন্তু এতিয়া ভাৰতীয় সেনাই টাৱাং ছেক্টৰত সুৰক্ষা ব্য়ৱস্থা অধিক কটকটীয়া কৰি তুলিছে । এতিয়া সীমান্তৱৰ্তী অঞ্চলত তুষাৰপাতো আৰম্ভ হৈছে । স্ন'চ্যুট পৰিধান কৰি ভাৰত-তিব্বত সীমান্ত আৰক্ষীয়ে তহল দিছে সীমান্তত ।

লগতে পঢ়ক : টাৱাং ছেক্টৰত নিয়ন্ত্ৰণ ৰেখাত ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা

Last Updated : Dec 26, 2020, 8:20 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.