ETV Bharat / city

Congress-AIUDF conflict: এ আই ইউ ডি এফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাক দালাল আখ্যা - Congress AIUDF conflict

এ আই ইউ ডি এফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাক দালাল আখ্যা দিলে কংগ্ৰেছৰ মুখপাত্ৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ দাদুল বৰকাকতিয়ে (AIUDF MLA Karimuddin Barbhuiyan called broker by APCC) ৷ লগতে এ আই ইউ ডি এফৰ বিজেপিৰ লগত মিতিৰালি থকা বুলি মন্তব্য বৰকাকতিৰ ৷

Presidential election in India
Presidential election in India
author img

By

Published : Jul 19, 2022, 8:24 PM IST

তেজপুৰ, 19 জুলাই: সোমবাৰে দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পিছত (Presidential election in India) এ আই ইউ ডি এফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই মন্তব্য কৰিছিল যে, কংগ্ৰেছৰ ২০ গৰাকী বিধায়কে বিজেপিৰ মনোনীত প্ৰাৰ্থীগৰাকীক ভোট প্ৰদান কৰিছে । এই মন্তব্যত ক্ষুব্ধ হৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ দাদুল বৰকাকতিয়ে কয় যে, এ আই ইউ ডি এফ দলৰ বিজেপিৰ লগত মিতিৰালি আছে ৷ তেওঁলোকে সংবাদ মাধ্যমৰ যোগেদি যি ধৰণৰ মন্তব্য কৰিছে সেয়া শুভ লক্ষণ নহয় । বিধায়ক কৰিম উদ্দিন বৰভূঞাক দালাল আখ্যা দিলে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে (AIUDF MLA Karimuddin Barbhuiyan called broker by APCC) ৷

এ আই ইউ ডি এফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাক দালাল আখ্যা

তেওঁ আৰু কয় যে, এই ব্যক্তি সমূহ অসম বিধানসভাৰ বাবে এক কলংক স্বৰূপ । কংগ্ৰেছে কাৰ লগত কথা পাতে সেয়া কংগ্ৰেছৰ ভিতৰুৱা বিষয় । অসম বিধানসভাৰ এক গৰিমা আছে আৰু সেই গৰিমা একাংশ চৰকাৰী পক্ষৰ বিধায়ক আৰু এইধৰণৰ বিধায়ক সকলৰ বাবে বিঘ্নিত হৈছে । আজি যি সকল বিধায়কে এনে ধৰণৰ মন্তব্য কৰিছে, সেই সকল বিধায়ক এসময়ত কংগ্ৰেছৰ ঔৰসত জন্ম হোৱা ৷ আজি তেওঁলোকৰ কাৰ্য আৰু ভাৱ-ভংগীয়ে অসমৰ সাধাৰণ লোকৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলিও মন্তব্য কৰে দাদুল বৰকাকতিয়ে ।

উল্লেখ্য যে, সোমবাৰে অনুষ্ঠিত হোৱা দেশৰ 15 সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচনত শাসকীয় দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপে দ্ৰৌপদী মুৰ্মুৱে প্ৰতিদ্বন্দিতা আগবঢ়ায় (NDA presidential candidate Draupadi Murmu) ৷ তেওঁৰ বিপৰীতে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দিতা কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা যশোৱন্ত সিঙে ৷

সোমবাৰে দ্ৰৌপদী মুৰ্মু সন্দৰ্ভত এক বিৰূপ মন্তব্য কৰিছিল ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে (Akhil Gogoi on Draupadi Murmu) ৷ তেওঁ কৈছিল, "দ্ৰৌপদী মুৰ্মু প্ৰকৃততে আদিবাসী হয়নে ? দ্ৰৌপদী মুৰ্মু হৈছে এগৰাকী ক্ৰীমী লেয়াৰত পৰা মহিলা ৷ তেওঁ এগৰাকী অভিজাত মহিলা ৷ যিগৰাকী মহিলা নিজেই ৰাজ্যপাল আছিলে, যিগৰাকী বিধায়ক আছিল দীৰ্ঘদিন ধৰি তেওঁক লৈ যদি আদিবাসীৰ ট্ৰাম্প কাৰ্ড খেলা যায় সেইটো প্ৰকৃত অৰ্থত আদিবাসী হয়নে ! উচ্চতম ন্যায়ালয়ে ইতিমধ্যে ঘোষণা কৰিছে যিসকল লোক অভিজাতৰ শাৰীত পৰে তেওঁলোক সংৰক্ষণৰ অন্তৰ্ভুক্ত নহ'ব ৷ তেওঁক লৈ যি আদিবাসীৰ ট্ৰাম্প কাৰ্ড খেলা হৈছে তেনেকুৱা ৰাজনীতি ঘৃণনীয় ৰাজনীতি, তেনেকুৱা ঘৃণনীয় ৰাজনীতি আমি সকলোৱে পৰিহাৰ কৰি চলা উচিত ৷"

অখিল গগৈৰ এই মন্তব্যৰ পাচতে জাঙুৰ খাই উঠে ৰাজ্যৰ শাসকীয় পক্ষৰ লগতে চাহ জনজাতীয় দল-সংগঠন সমূহ (Akhil Gogoi Apologizes)৷ পৰিস্থিতি অন্য দিশে গতি কৰা দেখি মঙলবাৰে ৰাজহুৱাভাৱে ক্ষমা বিচাৰি সেই মন্তব্য উঠায় লোৱা বুলি অখিল গগৈয়ে ঘোষণা কৰে ৷ মুৰ্মুৰ নাম নোলোৱাকৈ অখিল গগৈ গছৰ মূঢ়াক ভোট নিদিব বুলি বিৰূপ মন্তব্য কৰাৰো অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক : Akhil Gogoi apologizes: দ্ৰৌপদী মুৰ্মু সন্দৰ্ভত মন্তব্য কৰি ক্ষমা খুজিলে অখিল গগৈয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.