ETV Bharat / city

তেজপুৰত আছুৰ 36 ঘন্টীয়া গণ সত্যাগ্ৰহ কাৰ্যসূচী - ৰাষ্ট্ৰপতিলৈ নাগৰিকত্ব আইন বাতিলৰ দাবীত স্মাৰক পত্ৰ প্ৰেৰণ

তেজপুৰত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত 36 ঘন্টীয়া গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ এই কাৰ্যসূচীতে জিলা উপায়ুক্তৰ হৈ চক্ৰ বিষয়াৰ হাতত ভাৰতৰ ৰাষ্ট্ৰপতিলৈ নাগৰিকত্ব আইন বাতিলৰ দাবীত স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ
তেজপুৰত আছুৰ 36 ঘন্টীয়া গণ সত্যাগ্ৰহ কাৰ্যসূচী
author img

By

Published : Dec 16, 2019, 7:54 PM IST

তেজপুৰ, 16 ডিচেম্বৰ : সদৌ অসম ছাত্ৰ সন্থাই সোমবাৰে ৩৬ ঘণ্টীয়া গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰে ৷ তেজপুৰ আঞ্চলিক আৰু জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত তেজপুৰতো বৃহৎ সংখ্যক লোকে গণ সত্যাগ্ৰহত অংশগ্ৰহণ কৰে ৷ তেজপুৰৰ শ্বহীদ বাকৰিৰ পৰা ট্ৰিবেণী হৈ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্তৰ হৈ চক্ৰ বিষয়াৰ হাতত ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এই আইন বাতিলৰ দাবীত স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

তেজপুৰত আছুৰ 36 ঘন্টীয়া গণ সত্যাগ্ৰহ কাৰ্যসূচী

প্ৰায় ২০ হাজাৰ লোকৰ সমাগমেৰে ওলোৱা প্ৰতিবাদী কাৰ্যসূচী তেজপুৰত সফলভাৱে সমাপ্তি ঘটে । কাৰ্যসূচীত অংশগ্ৰহণ কৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰূপ তালুকদাৰে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ তীব্ৰ সমালোচনা কৰাৰ লগতে এই আইন বাতিল নকৰিলে তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

আনহাতে, এই গণ সত্যাগ্ৰহৰ মাজৰ পৰা দিছপুৰত আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য আৰু সম্পাদক লুৰিণ জ্যোতি গগৈক আৰক্ষীয়ে আটক কৰে ৷ এই ঘটনাৰ পাচতে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নিতুল বৰাই দাবী জনাই যে, চৰকাৰে বিনা চৰ্তে দুয়োজনকে মুকলি কৰি দিব লাগে অন্যথা পৰিণাম ভয়ানক হ'ব ৷

আৰু পঢ়ক : অসম চৰকাৰে CAAৰ বিৰোধিতা নকৰাতো লজ্জাজনক : প্ৰফুল্ল কুমাৰ মহন্ত

Intro:তেজপুৰ,১৬ ডিচেম্বৰ : সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা ৩৬ ঘণ্টাৰ গণ সত্যাগ্ৰহ আজি তেজপুৰ আঞ্চলিক আৰু জিলা ছাত্র সন্থাৰ নেতৃত্বত তেজপুৰত বৃহৎ সংখ্যক লোকৰ সত্যাগ্ৰহত অংশ গ্ৰহণ ।

Body:তেজপুৰ শ্বহীদ বাতৰিৰ পৰা ট্ৰিবেণী হৈ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদী সকলে জিলা উপায়ুক্ত ৰ হৈ চক্ৰ বিষয়াৰ হাতত ভাৰতৰ ৰাষ্ট্ৰপতিলৈ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
প্ৰায় ২০ হাজাৰ লোকৰ সমাগমৰে ওলোৱা প্ৰতিবাদী কাৰ্যসূচী তেজপুৰত সফল ভাবে সমাপ্তি ঘটে ।
কাৰ্যসূচীত অংশ গ্ৰহণ কৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰূপ তালুকদাৰ ৰে ভাৰত চৰকাৰৰ আৰু অসম চৰকাৰৰ তীব্র সমালোচনা কৰে লগতে এই আইন বাতিল নকৰিলে তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ বাবে ছাত্ৰ সন্থা সাজু বুলি কয় ।
Bite:অৰূপ তালুকদাৰ

Conclusion:আনহাতে এই গণ সত্যাগ্ৰহৰ মাজৰ পৰা দিছ্পুৰত আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য আৰু সম্পাদক লুৰীন জ্যোতি গগৈক আৰক্ষীয়ে আটক কৰা কাৰ্যক আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নিতুল বৰাই চৰকাৰে বিনা চৰ্ত ৰে মুকলি কৰিবলৈ দাবী জনায় , নহলে ইয়াৰ পৰিনাম ভয়ানক ৰূপ ধাৰণ কৰিব বুলি কয় ।
Bite: নিতুল বৰা , কেন্দ্ৰীয় কার্য নিৰ্বাহক আছু ।

প্ৰণৱ কুমাৰ দাস ।
তেজপুৰ ।
১৬/১২/১৯

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.