ETV Bharat / city

তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতাৰণা দিৱস - আছুৰ প্ৰতাৰণা দিৱস পালন

অসম চুক্তিৰ ৰূপায়ণ বিভাগে আজি পৰ্যন্ত কোনো কাম নকৰাৰ ফলতেই আজি অসমৰ ৰাইজে দুৰ্ভাগ্যজনক ভাৱে সময় পাৰ কৰিবলগীয়া হৈছে ৷ এই মন্তব্য প্ৰদান কৰিছে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰূপ তালুকদাৰ লগতে সম্পাদক দেৱাঞ্জন পাঠকে ৷

তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতাৰণা দিৱস

author img

By

Published : Aug 14, 2020, 4:22 PM IST

তেজপুৰ,14 আগষ্ট : তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শুকুৰবাৰে তেজপুৰ চহৰৰ সাহিত্য সভা ভৱনৰ প্ৰাংগণত পালন কৰা হয় প্ৰতাৰণা দিৱস । বিজেপিৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰাৰ যি হঠকাৰী সিদ্ধান্ত তাৰ বিৰুদ্ধেই এই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰা হয় ।

তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতাৰণা দিৱস

আনহাতে অসম চুক্তিৰ ৰূপায়ণ বিভাগে আজি পৰ্যন্ত কোনো কাম নকৰাৰ ফলতেই অসমৰ ৰাইজে এতিয়া দুৰ্ভাগ্যজনক ভাবে সময় পাৰ কৰিবলগীয়া হৈছে বুলি মন্তব্য কৰে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰূপ তালুকদাৰ সম্পাদক দেৱাঞ্জন পাঠকে । লগতে ভাৰত-বাংলাদেশ সীমান্ত ছীল নকৰা,নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰা আৰু ক’ভিড-19 সময় চোৱাত অসমৰ ৰাইজক গৃহবন্দী কৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে EIA প্ৰৱৰ্তন কৰা আৰু দিহিং পাটকাইত কয়লা খনৰ কাম কৰা আদি বিভিন্ন ধৰণৰ কাৰ্য ৰূপায়ণ কৰিছে আৰু এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই ক্ষান্ত নাথাকে আৰু ইয়াৰ বাবে পৰৱৰ্তী সময়ত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ প্ৰদান কৰিছে ৷

লগতে চাওক-স্বাধীনতা দিৱস উপলক্ষে মুখ্যমন্ত্ৰীৰ আৰক্ষী মেডেল ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.