ETV Bharat / city

তেজপুৰ ক'ভিড-১৯ চিকিৎসালয়ত স্বাধীনতা দিৱস উদযাপন - তেজপুৰ

তেজপুৰৰ ক'ভিড-১৯ চিকিৎসালয়তো পালন কৰিলে স্বাধীনতা দিৱস । স্বাধীনতা দিৱসৰ দিনটোতে তেজপুৰ কনকলতা চৰকাৰী চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰিণী দুৱৰাই কেইবাটাও গীত পৰিৱেশন কৰে ৷

74th INDEPENDENCE DAY CELEBRATION AT COVID HOSPITAL AT TEZPUR
তেজপুৰ ক'ভিড-১৯ চিকিৎসালয়ত স্বাধীনতা দিৱস উদযাপন
author img

By

Published : Aug 15, 2020, 8:51 PM IST

তেজপুৰ,১৫ আগষ্টঃ আজি দেশৰ 74 সংখ্যক স্বাধীনতা দিৱস ৷ ক'ভিড-১৯ৰ স্বাস্থ্যবিধি মানি সমগ্ৰ দেশৰ লগতে অসমতো ৭৪সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। ঠিক একেদৰে তেজপুৰৰ ক'ভিড-১৯ চিকিৎসালয়তো পালন কৰিলে স্বাধীনতা দিৱস । গীতে মাতে ক'ভিড ৰোগীৰ লগতে চিকিৎসক, নাৰ্ছ, চিকিৎসা কৰ্মী সকলে চিকিৎসালয়ৰ ভিতৰতে উদযাপন কৰে স্বাধীনতা দিৱস।

তেজপুৰ ক'ভিড-১৯ চিকিৎসালয়ত স্বাধীনতা দিৱস উদযাপন

উল্লেখ যোগ্য যে, ক'ভিড -১৯ ৰ বাবে এইবাৰ স্বাধীনতা দিৱস উদযাপনত ৰাজহুৱা ভাবে জনসাধাৰনে ভাগ ল'ব নোৱাৰিলে । কিন্তু বহুসংখ্যক লোক আজি ক'ভিড চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু এই সকল লোকৰ মাজত স্বাধীনতা দিৱস উদযাপন কৰাৰ সুবিধা প্ৰদান কৰে ৷ তেজপুৰ পৰুৱাৰ ২০০ খন বিচনা যুক্ত মাতৃ শিশু কল্যাণ চিকিৎসালয়ত উপস্থিত থাকে তেজপুৰ কনকলতা চৰকাৰী চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰিণী দুৱৰা ৷ অধীক্ষক গৰাকীয়ে গীত গাই ৰোগী সকলক স্বাধীনতা দিৱসৰ আনন্দ দিয়ে । এই সময়ছোৱাত ক'ভিড -১৯ ৰ ভয়াবহতাৰ মাজতে সীমাবদ্ধ ভাবে উদযাপন কৰিলে স্বাধীনতা দিৱস । আনহাতে কাজিৰঙা ক'ভিড চিকিৎসালয়তো পি পি ই কিট পৰিধান কৰি, সামাজিক দূৰত্ব বজাই ৰাখি পালন কৰে স্বাধীনতা দিৱস ।

74th INDEPENDENCE DAY CELEBRATION AT COVID HOSPITAL AT TEZPUR
তেজপুৰ ক'ভিড-১৯ চিকিৎসালয়ত স্বাধীনতা দিৱস উদযাপন

ইফালে পুৱা মহানগৰীৰ জজ খেলপথাৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি ৰাজ্যবাসীক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সম্বোধন কৰে। দেশৰ সীমান্তত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দি আত্মবলিদান দিয়া বীৰ শ্বহীদক মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰে। স্বাধীনতা দিৱসৰ শুভক্ষণত ৰাজ্যবাসীলৈ অভিলাষী আঁচনি আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে।

লগতে পঢ়ক- ৭৪সংখ্যক স্বাধীনতা দিৱসঃ ৰাজ্যবাসীলৈ অভিলাষী আঁচনি আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.