তেজপুৰ, 8 জুন : ছয় দিন ধৰি নিৰুদ্দিষ্ট বায়ুসেনাৰ AN - 32 বিমানৰ সন্ধান দিওঁতালৈ ৫০,০০০ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে অৰুণাচল প্ৰদেশ চৰকাৰে । এই তথ্য প্ৰদান কৰিছে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে । সেনাবাহিনী, আইটিবিপি, এচএচবি, অৰুণাচলৰ প্ৰশাসনে স্থল পথেৰে অভিযান অব্যাহত ৰখাৰ লগতে স্থানীয় লোকে পূৱ অৰুণাচলৰ ৫ খন জিলাত উদ্ধাৰ অভিযানত ভাগ লৈছে ৷ ইয়াৰোপৰি, মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগক নিজাববীয়া অভিযান চলাবলৈও অনুৰোধ জনাইছে ৷ লগতে ভাৰতীয় বায়ু সেনাৰ তৰফৰ পৰা সন্ধান দিওঁতালৈ 5 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে ।
মেচুকা আৰু আল'ৰ মাজৰ কাইয় বনাঞ্চলত চিবিৰ দিৰগম পাহাৰৰ ৰেঞ্জত কেইজনমান স্থানীয় লোকে শুকুৰবাৰে উদ্ধাৰ অভিযানত নামে যদিও বৰ্তমানলৈকে উভটি অহা নাই বুলি জানিব পৰা গৈছে । তাৰোপৰি, স্থানীয় লোকে ঘটনাৰ দিনা উক্ত দুৰ্গম অঞ্চলৰ পৰা ধোঁৱা ওলোৱা বুলিও জিলা প্ৰশাসনক জানিবলৈ দিয়ে । ভাৰতীয় বায়ুসেনা বাহিনীৰ বায়ুসেনা প্ৰধান বি. এচ. ধানুৱাই শনিবাৰে যোৰহাটৰ বায়ুসেনা চাউনী পৰিদৰ্শন কৰি নিৰুদিষ্টৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰাৰ লগতে উদ্ধাৰ অভিযানৰ বুজ লয় ।
উল্লেখ্য যে, যোৱা সোমবাৰে ভাৰতীয় বায়ু সেনাৰ AN - 32 বিমান খনে যোৰহাটৰ পৰা ভাৰত - চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ পূৱ দিশে মেচুকালৈ মুঠ ১৩ বায়ুসেনাৰ বিষয়াৰ সৈতে দৈনন্দিন অনুশীলনৰ বাবে গৈছিল । দিনৰ ১২:২৫ বজাত উৰা মৰা যোৰহাট বায়ুসেনা বাহিনীৰ বিমান খন ৩৫ মিনিট পাছত অৰ্থাৎ প্ৰায় ১:০০ বজাত এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ পৰা সংযোগ বিচিন্ন হৈ পৰিছিল ।