ETV Bharat / city

শিৱসাগৰত কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱাল - যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ

শিৱসাগৰত উপস্থিত কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Union Minister Sarbananda Sonowal Visit Sivasagar) ৷ শিৱসাগৰত ২ মে’ত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাভ্যাস কাৰ্যসূচীৰ বিষয়ে পুংখানুপুংখভাৱে বুজ লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীয়ে শিৱসাগৰৰ জনতাক বিপুল হাৰত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সফল কৰি তুলিবলৈ আহ্বান জনায় ৷

Union Minister Sarbananda Sonowal Visit Sivasagar
শিৱসাগৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
author img

By

Published : Apr 27, 2022, 10:39 PM IST

শিৱসাগৰ, 27 এপ্ৰিল : ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয়ৰ কেবিনেট মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বুধবাৰে শিৱসাগৰত উপস্থিত হয়(Union Minister Sarbananda Sonowal Visit Sivasagar) ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শিৱসাগৰত ২ মে’ত পালন কৰিবলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাভ্যাস কাৰ্যসূচীৰ বিষয়ে পুংখানুপুংখভাৱে বুজ লয়(National Level Yoga organised at Sivasagar) ।

ঐতিহাসিক শিৱদৌল প্ৰাংগণত উপস্থিত হৈ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উক্ত স্থানৰ সমীপত অনুষ্ঠিত হ’বলগীয়া যোগাভ্যাস কাৰ্যসূচীৰ সবিশেষ সন্দৰ্ভত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ লগতে জিলাখনৰ অন্যান্য বিষয়ববীয়াসকলৰ লগত আলোচনাত মিলিত হয় ।

শিৱসাগৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

এই উদ্দেশ্যৰে মন্ত্ৰীগৰাকীয়ে শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত এখন আনুষ্ঠানিক সভাতো মিলিত হয় । সোণোৱালে সভাত ২ মে’ত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই যোগাভ্যাস কাৰ্যসূচীয়ে ঐতিহাসিক শিৱসাগৰক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰবাৰ চিনাকি তথা প্ৰতিষ্ঠা কৰাত বিশেষ মাত্ৰা প্ৰদান কৰিব বুলি উল্লেখ কৰে ।

মন্ত্ৰীগৰাকীয়ে বৰ্তমান সময়ত এক সুষ্ঠ আৰু নিৰোগী দেহ লাভ কৰাত যোগাসনৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি ৰোগ নিৰাময়ত যোগাসনক এক পৰম্পৰাগত চিকিৎসা পদ্ধতি আৰু ঔষধবিহীন ৰোগ নিৰাময়ৰ ব্যৱস্থা বুলিও উল্লেখ কৰে । আনহাতে, অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিয়া অনুসৰি, ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই অনুষ্ঠানটো শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল আৰু ইয়াৰ আশে-পাশে অনুষ্ঠিত কৰা হ’ব ।

অসম চৰকাৰৰ হৈ শিৱসাগৰ জিলাৰ উপায়ুক্তই এই কাৰ্যসূচীত মূল ভূমিকা তথা উদ্যোগ গ্ৰহণ কৰিব । শিৱসাগৰৰ উপায়ুক্ত মেঘ নিধি দাহালে(Sivasagar DC Megha Nidhi Dahal) এই কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে সভাত জানিবলৈ দিয়ে ।

লগতে পঢ়ক : PM Modi's Assam visit : শ শ বাছেৰে ভৰি পৰিছে মৰাণ আৰু টিংখাং সমষ্টি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.