ETV Bharat / city

টেনজিং নৰ্গে বঁটা প্ৰদানত জালিয়তি-বিস্ফোৰক অভিযোগ এভাৰেষ্ট বিজয়ী নৱ ফুকনৰ - TENGING_NORGEY_AWARD Controversy alleged by Naba Phukan

শিৱসাগৰত এভাৰেষ্ট বিজয়ী নৱ ফুকনৰ সংবাদ মেল ৷ টেঞ্জিং নৰ্গে দুঃসাহসী বঁটা ২০১৯ৰ বাবে মনোনীত হোৱা ব্যক্তিজন ভুৱা বুলি এক ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে এভাৰেষ্ট বিজয়ীজনে ৷

এভাৰেষ্ট বিজয়ী নৱ ফুকন
এভাৰেষ্ট বিজয়ী নৱ ফুকন
author img

By

Published : Aug 25, 2020, 12:40 AM IST

শিৱসাগৰ, 24 আগষ্ট : বিশ্বৰ সকলোতকৈ উচ্চতম শৃংগ এভাৰেষ্ট শৃংগ । সাগৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা 8848 মিটাৰ । এই শৃংগত আৰোহণ কৰা অসম সন্তান নৱ ফুকনৰ শিৱসাগৰত সংবাদ মেল । শিৱসাগৰ জিলাৰ চেপন শান্তিবন পথৰ নিৱাসী গদেশ্বৰ ফুকন আৰু ভোগেশ্বৰী ফুকনৰ পুত্ৰ নৱ ফুকনে 2016 বর্ষত মাউন্ট এভাৰেষ্ট শৃংগ বিজয়ীসকলৰ মাজত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল ।

বিস্ফোৰক অভিযোগ এভাৰেষ্ট বিজয়ী নৱ ফুকনৰ

14 জনীয়া এটা পর্বতাৰোহী দলৰ দলপতি হিচাপে যোগদান কৰি সম্পূৰ্ণ 46 দিনৰ অন্তত নৱ ফুকনে এভাৰেষ্ট শৃংগত গৈ থিয় হ'বলৈ সক্ষম হৈছিল । এই 14 জনীয়া দলটোত ভাৰতৰ লগতে দেশৰ বাহিৰৰ যেনে চীন,কানাডা,ইৰাণ,পেৰু আৰু কোৰিয়াৰ পর্তাৰোহীয়েও অংশগ্ৰহণ কৰিছিল ।

শিৱসাগৰত এভাৰেষ্ট বিজয়ী নৱ ফুকনৰ সংবাদ মেল

কিন্তু, আর্চয্যজনক কথা যে, এই 14 জনীয়া দলৰ তালিকাত থকা শেষৰ ব্যক্তিজনক টেঞ্জিং নৰ্গে দুঃসাহসী বঁটা 2019ৰ বাবে মনোনীত কৰাক লৈ এতিয়া এক আজৱ ঘটনা পোহৰলৈ আনিছে এভাৰেষ্ট বিজয়ী নৱ ফুকনে । উল্লেখ যে,হাৰিয়ানাৰ নৰেন্দ্ৰ সিঙ নামৰ ব্যক্তিজনলৈ আগবঢ়োৱা এই বঁটাৰ বাবে তেখেত প্রকৃতার্থত যোগ্য নহয় বুলি দাবী উত্থাপন কৰিছে নৱ ফুকনে ।

টেনজিং নৰ্গে বঁটা প্ৰদানত জালিয়তি

অহা 29 আগষ্টত ৰাষ্ট্রীয় ক্রীড়া দিৱসত দেশৰ ৰাষ্ট্রপতি মহোদয়ৰ পৰা বঁটা লাভ কৰিবলৈ সাজু হোৱা নৰেন্দ্র সিঙে সম্পূৰ্ণ মিছা ফটো আৰু মিছা তথ্যৰে এনে সন্মানীয় বঁটা লাভ কৰিবলৈ ওলাইছে । যিহেতু, 2016 বর্ষত নৱ ফুকনৰ দ'লত আছিল নৰেন্দ্ৰ সিঙ,যিজনে অক্সিজেনৰ অভাৱত অসুস্থ হৈ পৰাত গন্তব্য স্থানৰ পৰা বহু হাজাৰ ফুট নিলগতে যাত্ৰা সামৰিছিল । 2016 বর্ষত তেওঁলোকে পৰিধান কৰিছিল ৰঙা ৰঙৰ পোছাক,আনহাতে লেপাৰ এখন বাতৰি কাকতত নৰেন্দ্ৰ সিঙে সেউজীয়া ৰঙৰ পোছাক পৰিধান কৰি থকা ফটো প্রকাশ পাইছে । এনে পৰিস্থিতিত এনে বিষয়ক চৰকাৰে গুৰুত্ব সহকাৰে লৈ উচিত তদন্ত কৰাৰ লগতে যোগ্যজনক বঁটা প্ৰদান কৰি নৰেন্দ্ৰ সিঙৰ দৰে ভুৱা ব্যক্তিক এনে স্বীকৃতি দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়কঃ ভ্ৰাম্যমানৰ মঞ্চ কঁপাবলৈ আকৌ উভতি নাহে জীৱেশ্বৰ ডেকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.